কুৰুৱাবাহীত বিশ্ব মৌ-মাখি দিৱস উদযাপন : মৌ-পালনৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বানৰ ওপৰত আলোচনা...

২০ মে'ত পালন কৰা হয় বিশ্ব মৌ-মাখি দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি মঙলবাৰে গোলাঘাট জিলাৰ বোকাখাতৰ কুৰুৱাবাহীতো পালন কৰা কৰা হয় বিশ্ব মৌ-মাখি দিৱস। 

author-image
Tushar Pratim
New Update
কুৰুৱাবাহীত বিশ্ব মৌমাখি দিৱস উদযাপন : মৌ-পালনৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বানৰ ওপৰত আলোচনা...

ডিজিটেল বিশেষ সংবাদ বোকাখাতঃ ২০ মে' মঙলবাৰে বোকাখাতৰ কুৰুৱাবাহীত পালন কৰা কৰা হয় বিশ্ব মৌমাখি দিৱস। বোকাখাত কুৰুৱাবাহীৰ বিশিষ্ট মৌ-পালক, প্ৰশিক্ষক তথা খ্যাতিমান সমল ব্যক্তি পাপুমণি হাজৰিকা আৰু কাকলি হাজৰিকাৰ মৌপালন আৰু মৌ গৱেষণা কেন্দ্ৰ ''PAPUMONI HONEY BEE APIARY'' ৰ উদ্যোগত আৰু অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট আৰু স্থানীয় ৰাইজৰ সহযোগত কুৰুৱাবাহী চিনাকান চাৰিআলিৰ এটি কমিউনিটি হলত এই বিশ্ব মৌমাখি দিৱস পালন কৰা হয়।

Advertisment

এই বিশ্ব মৌমাখি দিৱস অনুষ্ঠানটোত উপস্থিত থাকে অসম কৃষি বিশ্ববিদ্যালয়,যোৰহাটৰ বিজ্ঞানী ড⁰ মুকুল কুমাৰ ডেকা, পাৰ্থপ্ৰতিম জ্ঞানোদয় দাস, কেইবাগৰাকীয় গৱেষক ছাত্ৰ-ছাত্ৰী আৰু ভালেকেইজন সমল ব্যক্তি আৰু স্থানীয় ৰাইজ তথা মৌ-পালকসকল। বিশিষ্ট মৌ-পালক, প্ৰশিক্ষক পাপুমণি হাজৰিকাই আঁত ধৰা দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত অনুষ্ঠানটোত বিষদ ভাৱে আলোচনা হয় মৌ-পালনৰ সম্ভাৱনা, ইয়াৰ প্ৰত্যাহ্বান, পৰিৱেশ সংৰক্ষণ আৰু কৃষি উৎপাদন বৃদ্ধিত মৌমাখিৰ অৱদানকে আদি কৰি ভালেকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ।

লগতে অসম কৃষি বিশ্ববিদ্যালয়,যোৰহাটৰ তৰফৰ পৰা উৎসাহী মৌ-পালকসকলৰ মাজত বিতৰণ কৰা হয় মৌ-বাকচ আৰু মৌ-পালনৰ একোখনকৈ হাতপুঠি। সম্বৰ্ধনা জ্ঞাপন কৰা হয় কুৰুৱাবাহীৰ কেইবাগৰাকীও বিশিষ্ট মৌ-পালকক।

বৃহত্তৰ কুৰুৱাবাহী অঞ্চলটো যিহেতু ৮০ শতাংই কৃষি পথাৰৰ ওপৰত নিৰ্ভৰশীল সেয়ে স্বাভাৱিকতেই এই এই বিশ্ব মৌমাখি দিৱস উৎযাপনে অঞ্চলটোলৈ মৌপালনৰ ক্ষেত্ৰত ক্ষেত্ৰত ন ন সম্ভাৱনা কঢ়িয়াই আনিব বুলি নিশ্চয়কৈ আশা কৰা গৈছে। উল্লেখযোগ্য যে মৌ-মাখিৰ ক্ৰিয়া-কলাপ, কৃষি ক্ষেত্ৰখনত ইয়াৰ প্ৰভাৱ আৰু অৱদানক সামৰি বিশিষ্ট মৌ-পালক, প্ৰশিক্ষক পাপুমণি হাজৰিকাৰ দ্বাৰা ৰচিত আৰু সুৰাৰোপিত আৰু তেওঁ স্বকণ্ঠৰে পৰিৱেশন কৰা এটি গীতে সমগ্ৰ অনুষ্ঠানটোৰ বিশেষ ভাৱে সৌষ্ঠৱ বৃদ্ধি কৰে।

বোকাখাত