/asomiyapratidin/media/media_files/2025/05/21/G9mEGX9miKoUxwVJ7MjF.jpg)
ডিজিটেল বিশেষ সংবাদ বোকাখাতঃ গোলাঘাট জিলাৰ এটা প্ৰান্তীয় অঞ্চল কুৰুৱাবাহীৰ অসমৰ প্ৰজাঘৰীয়া সাংস্কৃতিক ইতিহাসত এক সুকীয়া ঐতিহ্য আছে। এই ঐতিহ্যক প্ৰভাৱিত কৰি আহিছে ইয়াৰ বিশাল কৃষক সমাজ আৰু নৈপৰীয়া ইতিহাসে, ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ নেতৃত্বত ষাঠিৰ দশকৰ পৰা আৰম্ভ হোৱা নদী বান খহনীয়া বিৰোধী আন্দোলনে, ইয়াৰ ৰাজনৈতিক কাৰক আদিয়ে। এনেবোৰ প্ৰভাৱৰ বাবেই কুৰুৱাবাহীত সৃষ্টি হৈছিল বহু চহা সাংস্কৃতিক প্ৰতিভাৰ। যি নিৰ্মাণ কৰিছিল এক বিশেষ প্ৰজাঘৰীয়া সাংস্কৃতিক বাতাবৰণৰ।
গীত-নাট-বাদ্য-নৃত্যৰ চৰ্চায়ে এটা সময়ত আন্দোলিত কৰি ৰাখিছিল ইয়াৰ চহা জীৱনক। পৰৱৰ্ত্তী সময়ত এই চৰ্চাক অধিক দায়বদ্ধ কৰিছিল ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ কৰ্মীসকলে আৰম্ভ কৰা পদ্ধতিগত চৰ্চা, বিশিষ্ট বাওঁপন্থী নেতা, শিক্ষক প্ৰয়াত কমলেশ্বৰ ৰাজখোৱা, আনজন বাওঁপন্থী নেতা প্ৰয়াত বলো বৰা, প্ৰয়াত শিক্ষক-গীতিকাৰ-কণ্ঠশিল্পী ডিম্বেশ্বৰ হাজৰিকা, প্ৰয়াত শিক্ষক বৃন্দাবন গোস্বামী, টংকেশ্বৰ বৰুৱাৰ নেতৃত্বত ‘কুৰুৱাবাহী যুৱক সংঘ’ৰ সাংস্কৃতিক কৰ্ষণ আৰু ৰাজনৈতিক শিক্ষাই। প্ৰজাঘৰীয়া বাওঁপন্থী ৰাজনীতি আৰু কুৰুৱাবাহীৰ সাংস্কৃতিক পৰিমণ্ডল আছিল অভিন্ন।
আমি ইতিমধ্যেই উল্লেখ কৰিছোয়েই যে গীত-নাট-বাদ্য-নৃত্যৰ চৰ্চায়ে এটা সময়ত আন্দোলিত কৰি ৰাখিছিল ইয়াৰ চহা জীৱনক। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ইয়াৰ চহা শিল্পীসকলে পৰিৱেশন কৰা সাংস্কৃতিক কৰ্মৰাজীয়ে অৰ্জন কৰিছিল এক সুকীয়া পৰিচয়।
এনে সুকীয়া পৰিচয়ৰে অসমীয়া ঢুলীয়া ওজা অনুষ্ঠানক সমৃদ্ধ কৰিছিল কুৰুৱাবাহীৰ ‘নগা-ক'লাই-জালিৰাম-নীল-গনেশ-দেৱ ওজা’ৰ পৰিয়ালটোয়ে। ‘আদি ওজা নগা’ নামে খ্যাত প্ৰয়াত নগা তামূলীৰ পুত্ৰ ক'লাই ওজা অৰ্থাৎ প্ৰয়াত ক’লাই তামূলী আৰু এই ক’লাই ওজাৰে চাৰিজন পুত্ৰ প্ৰয়াত জালিৰাম ওজা অৰ্থাৎ প্ৰয়াত জালিৰাম তামূলী, নিল ওজা অৰ্থাৎ নিল তামূলী, গনেশ ওজা অৰ্থাৎ গনেশ তামূলী আৰু প্ৰয়াত দেৱ ওজা অৰ্থাৎ দেৱ তামূলীয়ে।
স্বাধীনতাৰ পূৰ্বতেই যোৰহাট তিতাবৰৰ বেবেজিয়াৰ এটা কৃষক পৰিয়ালৰ পৰা সেই সময়ৰ উৰ্বৰ ভূমি কুৰুৱাবাহীত মাটি ভাঙি খেতি কৰিবলৈ আহি ইয়াতেই নিগাজিকৈ থাকি গৈছিল নগা ওজা। অতিকে সৰল চহা ব্যক্তিত্বৰ নগা তামূলিয়ে লগত লৈ আনিছিল ঢোল বাদ্যত চহকী তিতাবৰৰ ঢুলীয়া ওজা সংস্কৃতি আৰু কুৰুৱাবাহী আৰু ইয়াৰ কাষৰীয়া অঞ্চল সমূহত সৃষ্টি কৰিছিল এদল নতুন ঢুলীয়া ওজাৰ।
পৰৱৰ্তী সময়ত তেওঁৰ পুত্ৰ ক’লাই ওজাই পিতৃৰ বিদ্যাক অধিক ব্যাপ্তি প্ৰদান কৰিলে। কেৱল ঢোলটোকে সাৰথি কৰি চৰম আৰ্থিক দীনতাৰ লগত যুঁজি তেওঁ দিহিঙে দিপাঙে, বিয়াৰ ৰভাঘৰে ৰভাঘৰে পৰিৱেশন কৰি গ’ল ঢুলীয়া ওজাৰ অনুষ্ঠান। কেৱল সেয়াই নহয় ইয়াৰ লগে লগেই ঢুলীয়া ওজা হিচাপে প্ৰশিক্ষিত কৰি তুলিলে কুৰুৱাবাহীৰ বহু ডেকাক।
এনেদৰেই ক’লাই ওজাৰ দৰেই তেওঁৰ চাৰি পুত্ৰ জালিৰাম-নিল-গনেশ-দেৱ ওজাই ঢুলীয়া ওজাৰ অনুষ্ঠানটোক এক গণ মাধ্যমলৈ পৰিণত কৰিছিল। বিশেষকৈ বিয়া ঘৰৰ ৰভাথলীত ৰাইজৰ সমুখত ঢোল বাদ্য পৰিৱেশন কৰোতে মনোৰঞ্জনৰ মাধ্যমেৰে ‘মালিতা’, ‘চালনা’, ‘ফুলনি’ৰ উপৰিও বাস্তৱত দেখা দিয়া বিভিন্ন সমস্যাৰাজীকো উপস্থাপন কৰিছিল তেওঁলোকে। যি লাহে লাহে গণ মাধ্যমলৈ গতি কৰিছিল।
ওজা ঢোলৰ মান্যতাপ্ৰাপ্ত চৌব্বিচখন ‘হাত’ৰ উপৰিও তেওঁলোকে নিজাববীয়াকৈ আন কিছুমান হাতৰো সৃষ্টি কৰি লৈছিল। ক'লাই ওজাৰ নিজা সৃষ্টি ‘নাচ নেগাৰা’ হাতখন অত্যন্ত জনপ্ৰিয় আছিল। চিন্তা উদ্বেগকাৰী কিছুমান বিষয় লৈ তেওঁলোকে জনমানসত একোখন স্থান অধিকাৰ কৰিছিল। গ্ৰামীণ সমাজৰ সমস্যা আৰু ৰাজনৈতিক দৃষ্টিকোণৰ পৰাও ‘নগা-ক'লাই-জালিৰাম-নীল-গনেশ-দেৱ ওজা’ৰ এনে ‘হাত’ বিলাক আছিল গুৰুত্বপূৰ্ণ।
এই ঢোল বাদ্যৰ প্ৰতি উৎৰ্সগিত পৰিয়ালটোৰেই এজন প্ৰখ্যাত ঢুলীয়া ওজা নিল তামূলী বৰ্তমান গুৰুতৰভাৱে ৰোগাক্ৰান্ত। পৰিয়ালটোৰ আন কেইজন ওজাৰ দৰেই এই গৰাকী নিল ওজায়েও দিহিঙে-দিপাঙে, সভাঘৰে-ৰভাঘৰে এটা সময়ত ঢোল বাদ্যৰ জড়িয়তে ৰাইজৰ মনোৰঞ্জন কৰাৰ উপৰিও সামাজিক সমস্যা বিলাক তুলি ধৰি সামাজিক দায়বদ্ধতাৰ পৰিচয় দিছিল।
কুৰুৱাবাহীৰ পৰংগনীয়া গাঁৱৰ নিজা বাসগৃহত আৰ্থিক দিনতাৰ বাবেই তেওঁ বৰ্তমান শয্যাগত। এই ঢুলীয়া ওজা গৰাকীৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ কাৰো যেন আহৰি নাই। এজন ৰোগাক্ৰান্ত সাংস্কৃতিক কৰ্মীৰ চিকিৎসাৰ দায়িত্ব গ্ৰহন বোকাখাতৰ বিধায়ক-মন্ত্ৰী অতুল বৰাই নিশ্চয়কৈ কৰিব পাৰিলেহেতেন কিন্তু ৰাজনৈতিক হিচাপ-নিকাচৰ ব্যস্ততাৰ মাজত এনে কৰিবলৈ তেওঁৰ হয়তো আহৰি নাই।
আনহাতে এটা সময়ত যি সাংস্কৃতিক সংগঠন-ব্যক্তিৰ লগত জড়িত হৈ তেওঁ কুৰুৱাবাহীৰ প্ৰজাঘৰীয়া সংস্কৃতিক সমৃদ্ধ কৰিছিল সেই সংগঠন সমূহৰো কাৰোৰেই ঢুলীয়া ওজা নিল তামূলীৰ খবৰ ল'বলৈ সময় নাই। এতিয়া যেন কোনোয়েই দায়বদ্ধ নহয় প্ৰজাঘৰীয়া সাংস্কৃতিক কৰ্মীজনৰ প্ৰতি।