উদ্যান কৰ্তৃপক্ষই পুনৰ মুকলি কৰি দিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান...

পৰ্যটকৰ বাবে বন্ধ কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এদিনৰ পাছতে পুনৰ মুকলি কৰি দিলে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ উল্লেখ্য যে, প্ৰতিকূল বতৰৰ অৱস্থাৰ পৰিপ্ৰেক্ষিতত পৰ্যটকৰ বাবে

author-image
Asomiya Pratidin
New Update
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ডিজিটেল সংবাদ, কাজিৰঙা : পৰ্যটকৰ বাবে বন্ধ কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এদিনৰ পাছতে পুনৰ মুকলি কৰি দিলে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ উল্লেখ্য যে, প্ৰতিকূল বতৰৰ অৱস্থাৰ পৰিপ্ৰেক্ষিতত পৰ্যটকৰ বাবে ১৯ মে’ৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধৰ জাননী জাৰি কৰিছিল ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ 

Advertisment

কিন্তু এদিনৰ পাছত পুনৰ ৩১ মে’ ২০২৫ লৈকে মুকলি কৰি দিয়ে কৰ্তৃপক্ষই ৷ এই সন্দৰ্ভত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোনালী ঘোষে প্ৰকাশ কৰা মতে বহু সংখ্যক পৰ্যটকৰ আগতীয়া বুকিং থকাৰ বাবে ৰিজৰ্ট আৰু জীপ ছাফাৰী সন্থাৰ অনুৰোধ সাপেক্ষে পৰ্যটকৰ বাবে সময়সীমা বৃদ্ধি কৰা হয় ৰাষ্ট্ৰীয় উদ্যানখনত ৷

kaziranga