আমেৰিকালৈ আইফোন ৰপ্তানিৰ ক্ষেত্ৰত চীনক অতিক্ৰম কৰিছে ভাৰতে

চিএনবিচিত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, এপ্ৰিল মাহত ভাৰতে আমেৰিকালৈ প্ৰায় ৩০ লাখ আইফোন (বা ৩০ লাখ ইউনিট) ৰপ্তানি কৰিছিল। আনহাতে, চীনৰ পৰা চালান হৈছিল মাত্ৰ ৯,০০,০০০ ইউনিট।

author-image
Asomiya Pratidin
New Update
এপ্ৰিলত আমেৰিকালৈ ৰপ্তানি ৩০ লাখ আইফোন

এপ্ৰিলত আমেৰিকালৈ ৰপ্তানি ৩০ লাখ আইফোন

ডিজিটেল ডেস্কঃ ভাৰতে আমেৰিকালৈ আইফোন ৰপ্তানিৰ ক্ষেত্ৰত চীনক অতিক্ৰম কৰিছে। শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে এই তথ্য। ভাৰতৰ আইফোনৰ ৰপ্তানি ৭৬ শতাংশ বৃদ্ধি হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চীনৰ সামগ্ৰীৰ ওপৰত ৩০ শতাংশ পাৰস্পৰিক শুল্ক আৰোপ কৰাৰ পৰিপেক্ষিতত ভাৰতৰ পৰা আমেৰিকাৰ বজাৰলৈ আইফোনৰ ৰপ্তানিৰ বৃদ্ধিৰ দুৱাৰ মুকলি কৰিছে।

Advertisment

চিএনবিচিত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, এপ্ৰিল মাহত ভাৰতে আমেৰিকালৈ প্ৰায় ৩০ লাখ আইফোন (বা ৩০ লাখ ইউনিট) ৰপ্তানি কৰিছিল। আনহাতে, চীনৰ পৰা চালান হৈছিল মাত্ৰ ৯,০০,০০০ ইউনিট। ভাৰতৰ পৰা আইফোনৰ চালানৰ এই উল্লেখযোগ্য ৭৬ শতাংশ বৃদ্ধিয়ে ব্যৱসায়িক পৰিৱেশৰ এক উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰিছে। মন কৰিবলগীয়া যে, এই পৰিৱৰ্তনৰ সুবিধাৰ বাবে এপলে বছৰ বছৰ ধৰি এক কৌশল ৰূপায়ণ কৰিছিল।

উল্লেখযোগ্য যে, ২০২০ চনত কোভিড মহামাৰীৰ ফলত যোগান শৃংখলত বিঘিনি ঘটাৰ বাবে এপলে চীনৰ বাহিৰত উৎপাদন কাৰ্য্যকলাপ স্থাপন কৰাৰ সিদ্ধান্ত লৈছিল। কোম্পানীটোৱে ভাৰতত সুবিধা স্থাপন কৰি চীনৰ পিছতে আইফোন উৎপাদনৰ দ্বিতীয় বৃহত্তম হাব হিচাপে স্থান দিছিল। ইয়াৰ উপৰিও ২ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা আমেৰিকাৰ নতুন শুল্ক নীতিৰ প্ৰভাৱো পৰিছিল ব্যৱসায়িক ক্ষেত্ৰত। 

ইফালে, এপলৰ চিইঅ’ টিম কুকে নিশ্চিত কৰিছে যে, ভাৰতত নিৰ্মিত আইফোন জুন ত্ৰৈমাসিকৰ পৰা আমেৰিকাৰ বজাৰত উপলব্ধ হ’ব। আশাব্যঞ্জক বৃদ্ধিৰ পিছতো গৱেষণা সংস্থাসমূহে সকীয়াই দিছে যে বৰ্তমানৰ উত্থান অল্পকালীন হ’ব পাৰে। আমেৰিকাত আইফোনৰ চাহিদা প্ৰতি ত্ৰৈমাসিকত প্ৰায় ২ কোটি ইউনিটৰ ওচৰত থাকে, যিটো লক্ষ্য ভাৰতে ২০২৬ চনলৈকে লাভ নকৰিবও পাৰে। 

আমেৰিকা আইফোন