মথাউৰি আৰু গৰাখহনীয়া পৰিদৰ্শন কৰিবলৈ আহি গৌৰৱ গগৈক সমালোচনা পীযুষ হাজৰীকাৰ

বোকাখাত বিধানসভা সমষ্টিৰ বংকুৱালত মঙলবাৰে আবেলি বংকুৱাল মথাউৰি আৰু ৰিৰি গাঁৱত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় জল সম্পদ মন্ত্ৰী পীযুষ হাজৰীকা।

author-image
Tushar Pratim
New Update
মথাউৰি আৰু গৰাখহনীয়া পৰিদৰ্শন কৰিবলৈ আহি গৌৰৱ গগৈক সমালোচনা পীযুষ হাজৰীকাৰ

ডিজিটেল সংবাদ গোলাঘাটঃ বোকাখাত বিধানসভা সমষ্টিৰ বংকুৱালত মঙলবাৰে আবেলি বংকুৱাল মথাউৰি আৰু ৰিৰি গাঁৱত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় জল সম্পদ মন্ত্ৰী পীযুষ হাজৰীকা। মন্ত্ৰীগৰাকীয়ে মথাউৰি আৰু গৰাখহনীয়া পৰিদৰ্শন কৰিবলৈ অহাৰ সময়তো তেওঁৰ মুখত শুনিবলৈ পোৱা গ’ল সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰে সম্পৰ্কৰ কথা। 

Advertisment

বংকোৱালত গৰাখহনীয়া আঁচনি পৰিদৰ্শন কৰিবলৈ আহি তেওঁ গৌৰৱ গগৈৰ পাকিস্তান প্ৰীতি থকাৰ অভিযোগ কৰি তীক্ষ্ণ সমালোচনা কৰে। বানপীড়িত বংকোৱালৰ গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থাৰ বুজ ল’বলৈ আহি সাংবাদিকৰ প্ৰশ্নত তেওঁ প্ৰসংগক্ৰমে ক্ৰিকেট মেচত পাকিস্তান হাৰিলে ফূৰ্তি কৰিবলৈ বাধা দিয়া কথাক তীব্ৰ সমালোচনা কৰে।

তেওঁ কয়, গৌৰৱ গগৈয়ে একমাত্ৰ ব্যক্তি যি ভাৰত জিকিলে ফূৰ্তি কৰিব নালাগে বুলি কয়। আনফালে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ প্ৰশ্নৰ উত্তৰ দিব পৰা নাই বুলিও কটাক্ষ কৰি কাৰো নাম নোলোৱাকৈ প্ৰশ্ন কৰে প্ৰত্যেক মাহতে এজন ব্যক্তি বিদেশলৈ কিয় যায়?

গৌৰৱ গগৈ পীযুষ হাজৰীকা বোকাখাত