/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/b30aebed-d75e-499e-802c-2cd1e6d05195/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল ডেস্কঃ শীঘ্ৰে সংৰক্ষিত অভয়াৰণ্য ঘোষণা কৰা হ'ব উৰ্পদ বিলক। এই কথা জানিবলৈ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৫ শতাধিক হেক্টৰ ভূমি সামৰি লোৱা গোৱালপাৰাৰ আগিয়াৰ উৰ্পদ বিলক সংৰক্ষিত অভয়াৰণ্য ঘোষণাৰ প্ৰক্ৰিয়া চলি আছে বুলি সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/f1fa0103-61bb-4ac0-9cf7-2c3b43a1b9e6/c866e128_8219_4753_8cad_7ddd08201503.jpg)
এই সন্দৰ্ভত তেওঁ প্ৰকাশ কৰা টুইট অনুসৰি বিলখনক সংৰক্ষিত বনাঞ্চল অথবা বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ বাবে চৰকাৰে ইতিমধ্যেই আৰম্ভ কৰিছে যাৱতীয় প্ৰচেষ্টা। ইপিনে বৰ্তমান সময়ত গোলাপী স্বৰ্গলৈ পৰিণত হৈছে এই বিলখন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/7b7fb030-20ce-41ab-a7f2-501d7681cd60/372b88e9_36d0_45cc_ac4f_b78704779f91.jpg)
হাজাৰ-হাজাৰ ভেট ফুলেৰে আৱৰি ৰখা বিলখন চাবলৈ ঢাপলি মেলিছে বহু প্ৰকৃতিপ্ৰেমী। শেহতীয়াকৈ ফটোগ্ৰাফাৰ শচীন ভৰালীৰ কেমেৰাত আবদ্ধ হোৱা বিলখনৰ মনোমোহা দৃশ্য সামাজিক মাধ্যমত বহুল প্ৰচাৰ হোৱাও দেখিবলৈ পোৱা গৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/efff2a5f-87b5-44b3-bfa0-adf0739ffabf/4f6dbeda_3a7f_4425_a23c_8047da4251bc.jpg)
Also Read: বিস্ময় বালকঃ ১১বছৰ বয়সতে ভক্তি ৰসেৰে আৰ্জিছে সুনাম