/asomiyapratidin/media/media_files/2025/05/29/fsPGjGSe4rt7at61uNXq.jpg)
ডিজিটেল ডেস্কঃ 'মেক ইণ্ডিয়া ইণ্ডিয়া'ৰ সপোনৰ ক্ষেত্ৰত আৰু এখোজ আগুৱালে ভাৰত। ভিন্ন ক্ষেত্ৰত গ্ৰাহকৰ বিশ্বাস আদায় কৰিবলৈ সক্ষম হোৱা টাটাই এইবাৰ নিৰ্মাণ কৰিব হেলিকপ্টাৰ। ইতিমধ্যে এই প্ৰকল্পৰ সকলোখিনি কাম শেষ কৰিছে টাটাই।
কৰ্ণাটকৰ কোলাৰত হেলিকপ্টাৰ নিৰ্মাণৰ কাৰখানা স্থাপন কৰিছে টাটাই। ইউৰোপীয় বিমান পৰিবহণ কোম্পানী এয়াৰবাছ আৰু টাটা গ্ৰুপৰ সহযোগিতাত প্ৰথম পৰ্যায়ত এইচ- ১২৫ মডেলৰ হেলিকপ্টাৰ প্ৰস্তুত কৰা হব। উল্লেখ কৰা প্ৰয়োজন যে, ব্যক্তিগত নেতৃত্বত ইমান সংখ্যক হেলিকপ্টাৰ নিৰ্মাণৰ বাবে এয়া হৈছে প্ৰথমটো প্ৰদক্ষেপ।
এইচ ১২৫ হেলিকপ্টাৰ উৎপাদন কৰা ফ্ৰান্স, আমেৰিকা আৰু ব্ৰাজিলৰ পিছত বিশ্বৰ ভিতৰতে চতুৰ্থখন দেশত পৰিণত হৈছে ভাৰত। কৰ্ণাটক হেলিকপ্টাৰ নিৰ্মাণ ইউনিট হ’ব টাটা গ্ৰুপৰ এনে দ্বিতীয়টো উদ্যোগ। যোৱা বছৰ টি এ এছ এলে এয়াৰবাছৰ সৈতে যৌথভাৱে গুজৰাটৰ বাডোদৰাত চি-২৯৫ বিমান নিৰ্মাণৰ নতুন সুবিধা স্থাপন কৰিছিল।
টাটা-এয়াৰবাছৰ উদ্যোগসমূহে এটা প্ৰতিৰক্ষা পৰিবহণ উদ্যোগৰ বাবে আৰু আনটো অসামৰিক হেলিকপ্টাৰৰ বাবে থকাৰ পিছতো স্থানীয় উৎপাদন পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰি মেড-ইন-ইণ্ডিয়া অসামৰিক বিমান প্ৰকল্পত অৰিহণা যোগাব পাৰে।