/asomiyapratidin/media/media_files/2025/05/24/C1QFy5O0htu8zPVYFR8w.jpg)
ডিজিটেল সংবাদ,তিনিচুকীয়া-গোলাঘাটঃ আলফা স্বাধীনৰ দুধৰ্ষ কেডাৰ ৰূপম অসমক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে।তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৰ এখন অৰণ্যৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ ৰূপম অসমক। আৰক্ষীয়ে ৰূপম অসমৰ পৰা অস্ত্ৰ-শস্ত্ৰ সহ বহু অপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে।
ইফালে আলফা স্বাধীনৰ দুধৰ্ষ অপাৰেচন কামাণ্ডাৰ ৰূপম অসমক আৰক্ষীয়ে আটক কৰাৰ পাছতে আলফা কেডাৰজনৰ গোলাঘাটৰ স্বগৃহত এতিয়া শোকাকুল পৰিবেশে বিৰাজ কৰিছে ৷ ২০০৭ চনৰে পৰা আলফা কেডাৰজনৰ কোনো শুংসূত্ৰ নথকাত পৰিয়ালৰ লোকে তেওঁ জীৱিত নে মৃত সেই কথাও জানিব পৰা নাছিল।
আজি তিনিচুকীয়া আৰক্ষীয়ে আলফা স্বাধীনৰ দুধৰ্ষ অপাৰেচন কামাণ্ডাৰ ৰূপম অসমক আটক কৰাৰ পাছতে পৰিয়ালৰ লোকে তেওঁলোকৰ সন্তান বিনোদ বৰা ওৰফে কান্ত সুস্থ থকাৰ বাতৰি পাই শোকত ভাঙি পৰে। বিগত ২৩ বছৰৰ অন্তত পুত্ৰৰ সম্ভেদ পাই পিতৃ মাতৃয়ে "ঘৰৰ ল’ৰা সোনকালে ঘৰলৈ উভতি আহক” বুলি আজি এক আবেগভৰা আহ্বান জনাই পুত্ৰ ৰূপম অসম ওৰফে বিনোদ বৰাক।
জানিব পৰা মতে,গোলাঘাটৰ শগুনপাৰা দ-চমুৱাৰ পৰা ২০০৭ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱত্তীৰ্ণ হৈয়েই বিনোদ বৰাই যোগদান কৰিছিল আলফা স্বাধীনত ৷ গোলাঘাটৰ হামদৈ উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা বিনোদ বৰা (কান্ত)ই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱত্তীৰ্ণ হৈ আলফাত যোগদান কৰাৰ পাছৰে পৰা পৰিয়াল তথা আত্মীয়সকলৰ লগত কোনধৰণৰ যোগসূত্ৰ নাছিল৷
নিজ পুত্ৰ আটক হোৱাৰ পিছতহে নিজ মাতৃ পূৰ্ণিমা বৰাই গম পাইছে পুত্ৰ জীয়াই থকাৰ কথা ৷ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগতে অতি ধেমেলীয়া স্বভাৱৰ ল’ৰা বিনোদ বৰা হৈ পৰিছিল আলফা স্বাধীনৰ দুধৰ্ষ কেদাৰ ৰূপম অসম ৷ অসম আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা ৰূপম অসমৰ পিতৃ আৰু ভাতৃয়ে কৃষি কৰ্মৰ জড়িয়তে পৰিয়াল পোহপাল দি আছে ৷
দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা পৰিয়ালটোৱে যথেষ্ট কষ্টৰ মাজেদি পৰিয়াল পোহপাল দিয়াৰ কথা উল্লেখ নিজ মাতৃৰ ৷ মোহন বৰা আৰু পূৰ্ণিমা বৰাৰ জ্যেষ্ঠ সন্তান ৰূপম অসম সোনকালে ঘৰলৈ উভতি আহক তাৰ কামনা কৰিছে পৰিয়ালৰ লগতে গাঁওবাসীয়ে ৷ ৰূপম অসম আটক হোৱাৰ খবৰ লাভ কৰাৰ পিছতেই নিজ গৃহত বহুজনে পৰিয়ালটোৰ কাষত থিয় হোৱা পৰিলক্ষিত হৈছে ৷