নুমলীগড়ত হাতীয়ে ভাঙিলে কেইবাটাও ঘৰঃ কোনোমতে প্ৰাণ ৰক্ষা শিশুসহ মহিলাৰ...

বন্যহস্তীৰ উপদ্ৰব অব্যাহত আছে নুমলীগড়ত। শেহতীয়াকৈ বন্যহস্তীয়ে পুনৰ ভাঙি লণ্ডভণ্ড কৰিলে কেইবাটাও বাসগৃহ।  কোনমতে প্ৰাণ ৰক্ষা পৰিল এটা পৰিয়ালৰ।

author-image
Tushar Pratim
New Update
নুমলীগড়ত হাতীয়ে ভাঙিলে কেইবাটাও ঘৰঃ কোনোমতে প্ৰাণ ৰক্ষা শিশুসহ মহিলাৰ...

ডিজিটেল সংবাদ নুমলীগড়ঃ বন্যহস্তীৰ উপদ্ৰব অব্যাহত আছে নুমলীগড়ত। শেহতীয়াকৈ বন্যহস্তীয়ে পুনৰ ভাঙি লণ্ডভণ্ড কৰিলে কেইবাটাও বাসগৃহ। 

Advertisment

ঘটনাৰ বিৱৰণ অনুসৰি নিশা নুমলীগড় চাহ বাগিছাৰ বৰলাইনত বন্যহস্তীৰ এটা জাক বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰবেশ কৰে আৰু এফালৰ পৰা অত্যাচাৰ আৰম্ভ কৰে। হাতীৰ জাকটোৱে বৰলাইনৰ পল্লবী বাউৰী ৱামৰ এগৰাকীৰ বাসগৃহ ভাঙি ধ্বংস কৰাৰ সমান্তৰালকৈ আন কেইবাজনো লোকৰ ঘৰত সন্ত্ৰাস সৃষ্টি কৰি লণ্ডভণ্ড কৰে।
পল্লবী বাউৰীয়ে জনোৱা মতে নিশা হাতীৰ জাকটোৱে তেওঁলোকৰ ঘৰ ভঙাৰ সময়ত তেওঁলোক শুই আছিল। হাতীৰ আক্ৰমণৰ উমান পোৱাৰ পিছতে মাতৃ আৰু ২ জীয়ৰীক লৈ প্ৰাণ ৰক্ষা কৰিবলৈ পলায়ন কৰে। 

উল্লেখ্য যে, যোৱা কেইবাদিনো ধৰি নুমলীগড়ত হাতীৰ এটা জাকে মুকলিকৈ বিভিন্ন স্থানত বিচৰণ কৰি আছে। এই হাতীৰ জাকটোক লৈ চিন্তিত হৈ পৰিছে স্থানীয় লোক। বিশেষকৈ অঞ্চলটোত হাতীৰ এনে ধাৰাবাহিক মুক্ত বিচৰণ আৰু সংঘাতে যোৱা জটিল ৰূপ ধাৰণ কৰাত বিষয়টো অতি গুৰুতৰ হৈ পৰিছে যদিও সংশ্লিষ্ট বিভাগ তথা কৰ্তৃপক্ষই বিশেষ গুৰুত্ব নিদিয়াত অধিক চিন্তাৰ বিষয় হৈ পৰিছে। 

বন্যহস্তীৰ আক্ৰমণ নুমলীগড়