/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/3bec9d00-49e3-4710-a8e6-e0d0c654b8fc/protibad.jpg)
ডিজিটেল সংবাদ, গোলাঘাট : বিভিন্ন দাবীৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ ধৰ্ণা কাৰ্যসূচী। চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি, মাটিৰ পত্তা প্ৰদানৰ লগতে বিভিন্ন দাবী উত্থাপন কৰি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিয়ে সোমবাৰে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।
প্ৰতিবাদকাৰীসকলে 'চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰক', 'আমাক ভূমিৰ পত্তা দিয়ক', 'মূল্যবৃদ্ধি ৰোধ কৰক', 'চাহ শ্ৰমিকৰ ওপৰত শোষণ নচলিব' আদি ধ্বনিৰে আটছাৰ শতাধিক কৰ্মীয়ে পৰিৱেশ উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে। চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰি ক্ষুদ্ৰ চাহবাগিছা আৰু বটলিফ ফেক্টৰীত কৰ্মৰত শ্ৰমিকৰ নিৰাপত্তাৰ সুনিশ্চিত কৰাৰ দাবীও উত্থাপন কৰে।
ইয়াৰ পাছতে প্ৰতিবাদকাৰীসকলে গোলাঘাট জিলা সহকাৰী শ্ৰম আয়ুক্তক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে। শীঘ্ৰে যদি চৰকাৰে দাবীসমূহ মানি নলয় তেনেহ'লে ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/8b733e83-9f2d-45b8-bd3b-6362b104f1b6/3236958b_d74a_4072_8663_d793119026f6.jpg)
Also Read: দেশৰ সৰ্ববৃহৎ বিমান বন্দৰৰ দিশে নয়ডা আন্তৰ্জাতিক বিমান বন্দৰ