/asomiyapratidin/media/media_files/2025/05/28/EYyaXb7txMWEdZNZdVop.jpg)
ডিজিটেল সংবাদ, চিৰাং : বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ মঙলবাৰৰ দিনটোত বিজেপিৰ দলৰ পূৰ্বৰ স্থিতি সলনি কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই যি ৪০ টা সমষ্টিতে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ ঘোষণা কৰাৰ পিছতেই বিটিচিৰ ৰাজনৈতিক মহলত একপ্ৰকাৰ ধুমুহাৰ সৃষ্টি হৈছে । বিজেপিৰ এই নতুন সিদ্ধান্তক লৈ ইউপিপিএল দলৰ নেতা তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে বুধবাৰে সংবাদ মাধ্যমৰ আগত কিছু কৌশলপূৰ্ণ মন্তব্য কৰে ।
কেতিয়াবা তৃণমূল পৰ্যায়ত ভিত্তি নথকা বহু ৰাজনৈতিক দলে নেতা কৰ্মীসকলক উৎসাহিত কৰিবলৈ কেতিয়াবা এনেধৰণৰ মন্তব্য কৰিবলগা হয়। অথচ বাস্তৱক্ষেত্ৰত কোৱা ধৰনে ফলাফল দেখিবলৈ পোৱা নেযায়। ইউপিপিএল আৰু বিজেপি যদিও বিটিচিত মিত্ৰজোঁট চৰকাৰ হিচাপে আছে কিন্তু ২০২০ চনত কিন্তু আমি ইউপিপিএল দল হিচাপে অকলেই ৪০ টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলো।
যিকোনো নিৰ্বাচনৰ পিছত প্ৰতিটো ৰাজনৈতিক দলে অকলেই চৰকাৰ গঠন কৰাটো বিচাৰে । আমি ইউপিপিএল দল হিচাপে যিদৰে অকলেই চৰকাৰ গঠন কৰিব বিচাৰিছো। সেইদৰে বিজেপি দলেও অনুৰূপ ধৰনে অকলেই চৰকাৰ বনোৱাৰ চিন্তা-চৰ্চা কৰিয়ে হয়তো সিদ্ধান্ত লৈছে ।
বিজেপি হৈছে এটা ৰাষ্ট্ৰীয় দল আৰু তাৰ বিপৰীতে ইউপিপিএল এটা আঞ্চলিক দল। বিটিআৰৰ আঞ্চলিক দল হিচাপে বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ইউপিপিএল দলে পাঁচখন জিলাৰ প্ৰতিটো পৰিষদীয় সমষ্টিতে দলীয়ভাৱে তৃণমূল পৰ্যায়ত সভা সমিতি অনুষ্ঠিত কৰাৰ লগতে এটা ছাৰ্ভে চলোৱা হৈছে আৰু সেই ছাৰ্ভেৰ পৰা আমি যি তথ্য লাভ কৰিছো সেইমতে পাঁচখন জিলাতে আমাৰ ইউপিপিএল দল এটা শক্তিশালী স্থিতিত অৱস্থান কৰি আছে ।
বিটিআৰৰ ভোটাৰ ৰাইজ এতিয়া আমাৰ ইউপিপিএল দলৰ পক্ষত আছে । কাৰণ বিগত পাঁচ বছৰত বিটিচিৰ মুখ্য কাৰ্য্যবাহী প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰ এলেকাত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে বিভিন্ন উন্নয়নমূলক কামকাজ কৰি আহিছে । যি বিষয়টো বিটিআৰৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ শান্তিকামী ৰাইজে ভালকৈ উপলব্ধি কৰিছে।
যাৰ কাৰণে আমি কব পাৰো যে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত ইউপিপিএল দলৰ বিজয় নিশ্চিত বুলি দাবী কৰে। কংগ্ৰেছ দল এইবেলি বিটিচিত কিংমেকাৰ হব বুলি দাবী কৰা সন্দৰ্ভত জয়ন্ত বসুমতাৰীয়ে প্ৰথমতে অসম প্ৰদেশ কংগ্ৰেছ দলৰ সভাপতি পদত অধিষ্ঠিত হোৱা গৌৰৱ গগৈক অভিনন্দন জ্ঞাপন কৰে ।
তাৰপিছত তেখেতে কয় যে বিটিআৰত কংগ্ৰেছ দলৰ সাংগঠনিক স্থিতি ইমানেই দুৰ্বল যে এটা পূৰ্ণ পৰ্যায়ৰ মণ্ডল সমিতি এটাও বনাব পৰা নাই আৰু বিগত লোকসভা, উপনিৰ্বাচনৰ ফলাফল দেখিলেই সহজেই অনুমান কৰিব পাৰি যে কংগ্ৰেছ দলৰ বৰ্তমান কি পৰ্যায়ত আছে ।