/asomiyapratidin/media/media_files/2025/05/28/Aqa0qDLdoaz6VWmsJFnK.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : আন্তৰ্জাতিক ঋতুস্ৰাৱ স্বচ্ছতা দিৱস উপলক্ষে ৰাহাত হাস্পতাল এণ্ড ৰিচাৰ্চ চেন্টাৰৰ উদ্যোগত বুধবাৰে নগাঁও জিলাৰ কেইবাখনো শিক্ষানুষ্ঠানত ঋতুস্ৰাৱ স্বচ্ছতাৰ সন্দৰ্ভত স্বাস্থ্য সজাগতা সভা অনুষ্ঠিত কৰা হয়। কিশোৰী ছাত্ৰীসকলক ঋতুস্ৰাৱৰ স্বচ্ছতা আৰু স্বাস্থ্য সম্পৰ্কে সজাগ কৰা আৰু সমাজত এই সম্পৰ্কে থকা ভুল ধাৰণা সমূহৰ বিষয়ে সজাগ কৰাৰ লগতে ঋতুস্ৰাৱকালীন সময়চোৱাত কি কি কৰণীয় আছে এই সম্পৰ্কে পৰামৰ্শ প্ৰদান কৰাৰ উদেশ্যে অনুষ্ঠিত হয় সজাগতা সভা।
উক্ত সভাকেইখন ইউনিটেৰিয়ান জাতীয় বিদ্যালয়, কান্ধুলীমাৰী চিৰাজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু সোনাইঘাট উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। ডা০ সুদিপ্তা দাস, ডা০ ফাহিমা মেহজেবিন, নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ পঞ্জীয়ক ডা০ আঞ্জুমান ফিৰদৌচ চৌধুৰীকে আদি কৰি কেইবাগৰাকী চিকিৎসক আৰু চিকিৎসা- কৰ্মীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত সজাগতা অনুষ্ঠানত ৰাহাত হাস্পতাল এণ্ড ৰিচাৰ্চ চেন্টাৰৰ তৰফৰ পৰা অংশগ্ৰহণকাৰী শতাধিক ছাত্ৰীক বিনামূলীয়াকৈ নেপকিনো বিতৰণ কৰে।