দেশৰ সৰ্ববৃহৎ বিমান বন্দৰৰ দিশে নয়ডা আন্তৰ্জাতিক বিমান বন্দৰ

৭,২০০ একৰ ভূমি সামৰি বিমান বন্দৰটি উন্নত মানদণ্ডৰে নিৰ্মাণৰ প্ৰকল্প হাতত লৈছে
দেশৰ সৰ্ববৃহৎ বিমান বন্দৰৰ দিশে নয়ডা আন্তৰ্জাতিক বিমান বন্দৰ

ডিজিটেল ডেস্কঃ দেশৰ সৰ্ববৃহৎ বিমান বন্দৰৰ দিশে নিৰ্মীয়মাণ নয়ডা আন্তৰ্জাতিক বিমান বন্দৰ। উত্তৰ প্ৰদেশৰ জোৱাৰ চহৰস্থিত আন্তৰ্জাতিক বিমান বন্দৰটি অহা ২০২৪ চনৰ ভিতৰত দেশৰ ভিতৰতে সৰ্ববৃহৎ বিমান বন্দৰৰ হিচাপে চিহ্নিত কৰাৰ পৰিকল্পনা হাতত লৈছে।

জানিব পৰা অনুসৰি ২ৰানৱে আৰু অনাগত সময়ত ৬টা ৰানৱেলৈ সম্প্ৰাসাৰিত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। ৭,২০০ একৰ ভূমি সামৰি বিমান বন্দৰটি উন্নত মানদণ্ডৰে নিৰ্মাণৰ প্ৰকল্প হাতত লৈছে।

আনহাতে বিমান বন্দৰটিৰ ভিতৰত অৰ্থাৎ টাৰ্মিনেল এলেকাত থাকিব উন্নত মানদণ্ডৰ হোটেল,ৰেস্তোৰা,বিবিধ সামগ্ৰীৰ দোকান তথা বাণিজ্যিক বিপণীসমূহ। এই সা-সুবিধাসমূহ নিৰ্মীয়মাণ বিমান বন্দৰটিৰ টাৰ্মিনেল এলেকাসমূহত উপলব্ধ হ'ব বুলি নয়ডা বিমানবন্দৰৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ৰিষ্টফ শ্নেলমেনে উল্লেখ কৰে।

মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰে যে,১৭২ একৰৰো অধিক ভূমি সামৰি বিমান বন্দৰটিৰ টাৰ্মিনেল এলেকাত যাত্ৰীসকলৰ বাবে উল্লেখিত সুবিধাসমূহ উপলব্ধ কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে। অহা বৰ্ষৰ ভিতৰতে বিমান বন্দৰটিৰ কাম-কাজ সম্পূৰ্ণ হৈ উঠিব বুলি বিষয়াগৰাকীয়ে মন্তব্য কৰে।

সাধাৰণতে ভাৰতৰ বিমান বন্দৰসমূহৰ টাৰ্মিনেল এলেকাত থকা সা-সুবিধাসমূহত কৈ নয়ডাৰ নিৰ্মীয়মাণ বিমান বন্দৰটি পৃথক হ'ব বুলি মুখ্য কাৰ্যবাহী বিষয়া শ্নেলমেনে উল্লখ কৰে। উল্লেখ্য যে বৰ্তমানৰ প্ৰেক্ষাপটত দেশৰ আটাইতকৈ ডাঙৰ এৰো চহৰ হৈছে হায়দৰাবাদ। যিয়ে ১,৫০০ একৰ ভূমি দখল কৰিছে।

দেশৰ সৰ্ববৃহৎ বিমান বন্দৰৰ দিশে নয়ডা আন্তৰ্জাতিক বিমান বন্দৰ
চাৰিকড়ীয়াৰ পাৰত বদনামী নকৰিব ফাটবিহুক

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in