লিকাবালিত বনৰক্ষী বাহিনীৰ প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠান

অসম চৰকাৰে শেহতীয়াকৈ নিযুক্তি দিয়া বনৰক্ষীসকলৰ দুমহীয়া প্ৰশিক্ষণ শনিবাৰে সামৰণি পৰে

author-image
Asomiya Pratidin
New Update
লিকাবালিত বনৰক্ষী বাহিনীৰ প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠান

ডিজিটেল সংবাদ, ধেমাজিঃ অসম চৰকাৰে শেহতীয়াকৈ নিযুক্তি দিয়া বনৰক্ষীসকলৰ দুমহীয়া প্ৰশিক্ষণ শনিবাৰে সামৰণি পৰে। ধেমাজি জিলাৰ লিকাবালিৰ ২২ নং অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত মুঠ ২৪০ গৰাকী বনৰক্ষীক প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই প্ৰশিক্ষণৰ সামৰণিৰ উপলক্ষে আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠান।

Advertisment

উক্ত অনুষ্ঠানত ভাষণ আগবঢ়াই বাহিনীৰ অধিনায়ক মুছেলিউদ্দিন আহমেদে। বনৰক্ষীসকলক দুমাহজোৰা প্ৰশিক্ষণৰ সময়চোৱাত কঠোৰ পৰিশ্ৰমৰ মাজেৰে শাৰীৰিক, মানসিক আৰু অস্ত্ৰ চালনাৰ উপৰিও আধ্যাত্মিক দিশৰ ওপৰতো প্ৰশিক্ষণ দিয়া হৈছে, যাতে এগৰাকী সুস্থ-সৱল আৰু সু-মানসিকতাৰ গৰাকী হ'বলৈ সক্ষম হয়। সদ্য নিযুক্তি প্ৰাপ্ত বনৰক্ষীসকলে এপইচাও ঘোচ নিদিয়াকৈ নিজৰ পাৰদৰ্শিতাৰে এই সুবিধা পাইছে বুলি উল্লেখ কৰে।

প্ৰশিক্ষণৰ পাছতে বনজ সম্পদৰ সুৰক্ষা প্ৰদান কৰি নিজৰ দৰমহা টকাৰে চলিম বুলি সংকল্পবদ্ধ হৈ বে-আইনী তথা চোৰাং কাৰবাৰৰ জড়িত নহ'বলৈ সংকল্পবদ্ধ হয়। সামৰণি অনুষ্ঠানত প্ৰশিক্ষিত বনৰক্ষীসকলক শপত বাক্য পাঠ কৰোৱা হয়। অনুষ্ঠানত ধেমাজি বন সংমণ্ডলৰ বন প্ৰাধিকাৰী কৃঞ্চকান্ত দেউৰী, জোনাই বনাঞ্চলিক বিষয়া মুকুট ৰাভা, সামাজিক বনানীকৰণ বিভাগৰ জোনাই বনাঞ্চলিক বিষয়া গীতাশ্ৰী দলে, বন বিষয়া ইন্দ্ৰ গগৈৰ লগতে ২২ নং অসম বেটেলিয়নৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

Also Read: ৰাজ্যসভাত NDAৰ অগ্নিপৰীক্ষাঃ আজি উত্থাপন হ’ব বিতৰ্কিত দিল্লী সেৱা বিধেয়ক

assam forest department