/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলাৰ মাছখোৱাত সংঘটিত হৈছে এক অঘটন। সোমবাৰে ৰাতি দুই বন্ধুৱে একেলগে নৈশভোজন কৰি শেষত এজন বন্ধুৱে আনজনক গাড়ীৰে ঘৰত নমাই থ’বলৈ যোৱা পিছতেই বন্ধুৰ সৈতে আনগৰাকী বক্তিয়ে লগ হৈ বন্ধু বিকাশ চেত্ৰীক প্ৰচণ্ডভাৱে মাৰপিট কৰে।
বন্ধুৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বিকাশ চেত্ৰী বৰ্তমানেও ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হ'বলগীয়া হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে, উক্তদিনা ৰাতি প্ৰায় ৯-৩০ বজাত মাছখোৱা চাৰিআলিৰ সংগীতা ফাৰ্মাচীৰ স্বত্বাধিকাৰী বিকাশ চেত্ৰীক তেওঁৰ বন্ধু সীমান্ত শইকীয়াই ফোনযোগে এক স্থানত খানা খাবলৈ নিমন্ত্ৰণ জনায় ৷
বন্ধুৰ নিমন্ত্ৰণ লাভ কৰি বিকাশ চেত্ৰীয়ে নিজৰ গাড়ীৰে ৰাতিয়েই বন্ধু সীমান্ত শইকীয়াক লগ ধৰে ৷ পিছত দুয়ো লগ হৈ কোনো স্থানত খানা খোৱা পৰ্ব শেষ কৰি মাজনিশাই বন্ধু সীমান্তক ঘৰত থ’বলৈ গৈছিল বিকাশ ৷ কিন্তু আৰ্য্যজনকভাৱে ঘৰত নমাই থৈ ঘূৰি অহাৰ মূহূৰ্ত্ততেই ৰাস্তাত বন্ধু বিকাশ চেত্ৰীক কি ৰহস্যজনক কাৰণত বন্ধু সীমান্ত শইকীয়া আৰু সুনীল কোঁছ নামৰ ব্যক্তিজনে লগ হৈ বিকাশক গুৰুতৰভাৱে মাৰপাট কৰি শেষত আকৌ সীমান্তই নিজেই বিকাশৰ গাড়ীতে লৈ ৰাতিয়েই মাছখোৱা স্বাস্থ্য কেন্দ্ৰত চিকিৎসা কৰাবলৈ লৈ যায় ৷
মাছখোৱা স্বাস্থ্য কেন্দ্ৰই আঘাত গুৰুতৰ হোৱাত ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ধেমাজিতো চিকিৎসা প্ৰক্ৰিয়া জটিল হ'ব বুলি চিকিৎসকে জনোৱাত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত বিকাশক সংকটজনক অৱস্থাত ভৰ্তি কৰে ৷
ইফালে বিগত ১৯ মে'ৰ পৰাই সীমান্তই পৰিয়ালক বিকাশৰ দুৰ্ঘটনাৰ বাবে এনে অৱস্থা হ'ল বুলি মিছা কথা মাতে ৷ দুৰ্ঘটনাৰ কোনো কাৰণ স্পষ্ট নোহোৱাত পৰিয়ালে সীমান্তৰ কাৰ্য্যক লৈ সন্দেহ ওপজে ৷ ফলত শুকুৰবাৰে বিকাশৰ ভাতৃ প্ৰকাশ চেত্ৰীয়ে মাছখোৱা আৰক্ষী চকীত সীমান্ত শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছতে ঘটনাৰ কাহিনী উদঘাটন হয় ৷
লগে লগেই উক্ত দিনা দুপৰীয়াই মাছখোৱা আৰক্ষীয়ে সীমান্ত শইকীয়াৰ লগতে সুনীল কোঁছ নামৰ ব্যক্তিজনকো গোচৰটোৰ সংক্ৰান্তত আৰক্ষীয়ে আটক কৰে ৷ আৰক্ষীয়ে ঘটনাৰ লগত জড়িত থকাৰ সন্দেহ কৰি সীমান্তৰ বৰদেউতাক দেৱেন শইকীয়া আৰু মাতৃ ৰঞ্জু শইকীয়াকো আটক কৰিছিল যদিও সীমান্তই নিজে মাৰপিট কৰাৰ কথা স্বীকাৰ কৰাত সন্ধিয়ালৈ বৰদেউতা আৰু মাতৃক সোধা-পোছা কৰি যাবলৈ দিয়ে ৷
আন এক তথ্য মতে, দুয়ো বন্ধুৰ মাজত হোৱা মাৰপিটকলৈ আনক এক ঘটনা ৰহস্য ঘনীভূত হৈছে ৷ সেই ঘটনা এতিয়াও আৰক্ষীৰ আগত স্বীকাৰ কৰা নাই ৷ বিষয়টো আৰক্ষীয়ে ভালকৈ তদন্ত কৰিলে প্ৰকৃত ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷
আনহাতে বিকাশ চেত্ৰীক মাৰপিট কৰা অভিযুক্তক শীঘ্ৰেই শাস্তিৰ দাবীত শুক্ৰবাৰে দুপৰীয়া মাছখোৱা চাৰিআলিত এখনি প্ৰতিবাদী সভা অনুষ্ঠিত হয় ৷ মাছখোৱা ব্যৱসায়ী সন্থা, মাছখোৱা আঞ্চলিক ছাত্ৰ সন্থা, গোৰ্খা সমাজ আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত উদীয়মান যুৱক তথা ফাৰ্মাচীৰ স্বত্বাধিকাৰী বিকাশ চেত্ৰীক প্ৰাণে মৰাৰ চেষ্টা কৰা কাৰ্য্যৰ সৈতে জড়িত থকা সকলক ঘটনাৰ তদন্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু মাছখোৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীলৈ ৰাইজে অভিযোগপত্ৰ প্ৰেৰণ কৰে।