ধেমাজি জিলা সচেতন নাগৰিক মঞ্চৰ ৰাজহুৱা সভা সম্পন্ন

ধেমাজি জিলা সচেতন নাগৰিক মঞ্চৰ এখন ৰাজহুৱা সভা দেওবাৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি ভৱনত অনুষ্ঠিত হৈ যায় ৷ ধেমাজিৰ বিশিষ্ট সমাজকৰ্মী

author-image
Asomiya Pratidin
New Update
ধেমাজি জিলা সচেতন নাগৰিক মঞ্চৰ ৰাজহুৱা সভা সম্পন্ন

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলা সচেতন নাগৰিক মঞ্চৰ এখন ৰাজহুৱা সভা দেওবাৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি ভৱনত অনুষ্ঠিত হৈ যায় ৷ ধেমাজিৰ বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত কৰ্মচাৰী নিলাম্বৰ দত্তৰ সঞ্চালনাত অনুষ্ঠিত সভাৰ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আহ্বায়ক অশ্বিনী কুমাৰ দুৱৰাই ৷ 

Advertisment

ধেমাজিৰ জলন্ত সমস্যাৰাজি সামাধানৰ লগতে ধেমাজি জিলাত এখন বিশ্ববিদ্যালয়, এখন নাৰ্চিং কলেজ, এখন ফিচাৰী কলেজ, এটা অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণৰ লগতে জিলাখনৰ বিভিন্ন অঞ্চলসমূহত হোৱা অভাৱ- অভিযোগসমূহ এই সংগঠনৰ জৰিয়তে সবল পদক্ষেপেৰে এক সজাগ সৃষ্টি কৰি ৰাইজৰ উন্নয়নৰ দিশটো ত্বৰান্বিত কৰাই হৈছে সংগঠনটোৰ মূলতঃ মুখ্য লক্ষ্য উদ্দেশ্যে বুলি উল্লেখ কৰে ৷ 

সভাত দিলীপ কুমাৰ হাজৰিকাই ধেমাজি জিলা সচেতন নাগৰিক মঞ্চৰ লক্ষ্য আৰু উদ্দেশ্যৰ সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ায় ৷ সভাত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰঞ্জিত গগৈ, ধেমাজিৰ বিশিষ্ট সমাজকৰ্মী মাখন কামন কুলি, মোহন দাস, অৱসৰপ্ৰাপ্ত অধ্যক্ষ পূৰ্ণ চন্দ্ৰ চুতীয়া, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বিশিষ্ট নাট্যকাৰ বলীন বৰগোহাঞি, অৱসৰপ্ৰাপ্ত শিক্ষক ৰবি গগৈ, সাংবাদিকদ্বয় প্ৰেমানন্দ তালুকদাৰ আৰু মৃদু পৱন চুতীয়া, সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰিয়ৰাম দত্ত, সমাজকৰ্মী ৰাজন শইকীয়া, অৱসৰপ্ৰাপ্ত কৃৰ্তী  শিক্ষক নবীন চন্দ্ৰ পাইত, অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী মোহন দত্ত, জ্যেষ্ঠ  সাংবাদিক  উমেশ খাণ্ডেলীয়া আদি উপস্থিত থাকি বিভিন্ন বিষয়ত মন্তব্য প্ৰদান কৰে ৷ 

সভাত বিশিষ্ট সমাজকৰ্মী নামেশ্বৰ কাৰ্দং, অৱসৰপ্ৰাপ্ত অধ্যক্ষ সুশীল গোহাঁই , ধেমাজি নগৰপালিকা প্ৰাক্তন চেয়াৰমেন তথা সমাজকৰ্মী ভৱিষ্যত দিহিঙ্গীয়া , সুভাষ নন্দী , লোহিত দিহিঙ্গীয়া, বিশিষ্ট সমাজকৰ্মীক্ৰমে ধ্ৰুৱ দাস, বিকাশ দে, দীপক ভৰালী, বিচিত্ৰ চুতীয়া, বিক্ৰম লেডা দলে, নৱজ্যোতি দত্ত, খগেন গগৈ, কৃষ্ণ ভুঞা আদি উপস্থিত থাকে ৷ 

সভাত বিশদভাৱে আলোচনাৰ অন্তত নিলাম্বৰ দত্তক সভাপতি আৰু দিলীপ কুমাৰ হাজৰিকাক সম্পাদক হিচাপলৈ ২১ জনীয়া এখন তদৰ্থ সমিতি গঠন কৰা হয় ৷ সভাই  অতি শীঘ্ৰেই এখনি পূৰ্ণাংগ সমিতি গঠন কৰা লগতে জিলা  সচেতন নাগৰিক মঞ্চৰ অধীনত ধেমাজি , মাছখোৱা , বৰদলনি , গোগামুখ , চিচিবৰগাঁও , চিচিটঙানী , চিলাপথাৰ , চিমেনচাপৰি আৰু জোনাইত একোখনকৈ শাখা সমিতি গঠন কৰিবলৈও সিদ্ধান্ত গ্ৰহণ কৰে ৷

dhemaji