ধেমাজি আৰু মাজুলী জিলা পৰ্যালোচনা সভাত উপস্থিত মন্ত্ৰী কেশৱ মহন্ত...

সুকীয়া- সুকীয়াকৈ ধেমাজি আৰু মাজুলী জিলা দুখনৰ বান প্ৰস্তুতি আৰু বসুন্ধৰা ৩.০ অগ্ৰগতি সম্পৰ্কে ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱিৰ আৰু মাজুলী জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে অৱগত কৰে ৷

author-image
Asomiya Pratidin
New Update
1 Keshav

ডিজিটেল সংবাদ,ধেমাজিঃ  ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত শনিবাৰে ধেমাজি প্ৰশাসনৰ উদ্যোগত ধেমাজি আৰু মাজুলী দুয়োখন জিলাৰ এখনি পৰ্যালোচনা সভা অনুষ্ঠিত হয় ৷ ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱিৰে আঁত ধৰা পৰ্যালোচনা সভাখনত সভাপতিত্ব কৰে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ৷

Advertisment

১

সভাত ধেমাজি আৰু মাজুলীৰ জিলা দুখনৰ বান প্ৰস্তুতি আৰু মিচন বসুন্ধৰা ৩.০ ৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰা হয় ৷ সভাত বিশেষভাৱে সুকীয়া- সুকীয়াকৈ ধেমাজি আৰু মাজুলী জিলা দুখনৰ বান প্ৰস্তুতি আৰু বসুন্ধৰা ৩.০ অগ্ৰগতি সম্পৰ্কে ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱিৰ আৰু মাজুলী জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে অৱগত কৰে ৷

২

সভাত জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু,ধেমাজি জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়,ধেমাজি ১
জিলা পৰিষদৰ সদস্য লক্ষীধৰ শেনচোৱা,ধেমাজি জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ,ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়া, অসম ৰাজ্যিক দুৰ্য্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়া আৰু ধেমাজি আৰু মাজুলী জিলা দুখনৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে ৷ পৰ্যালোচনা সভাত জিলা দুখনৰ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় ৷

মাজুলী ধেমাজী