উত্তৰ ধেমাজি শান্তিপুৰত অগ্নিকাণ্ড : বিশেষভাৱে সক্ষম যুৱকৰ ভৰ ভস্মীভূত

ধেমাজি সদৰ আৰক্ষী থানাৰ পৰা প্ৰায় ১২ কিঃমি নিলগৰ উত্তৰ ধেমাজি শান্তিপুৰ আমগুৰি গাঁৱত  বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় অগ্নিকাণ্ড। এই ঘটনাত দীপক বৰা নামৰ অন্ধ যুৱকজনৰ

author-image
Asomiya Pratidin
New Update
উত্তৰ ধেমাজি শান্তিপুৰত অগ্নিকাণ্ড

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি সদৰ আৰক্ষী থানাৰ পৰা প্ৰায় ১২ কিঃমি নিলগৰ উত্তৰ ধেমাজি শান্তিপুৰ আমগুৰি গাঁৱত  বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় অগ্নিকাণ্ড। এই ঘটনাত দীপক বৰা নামৰ অন্ধ যুৱকজনৰ ঘৰ ভস্মীভূত হোৱা ঘটনাই অঞ্চলবাসী ৰাইজৰ মাজত ব্যাপক চাঞ্চল্যকৰ সৃষ্টি কৰিছে ৷ 

Advertisment

সম্পূৰ্ণভাৱে জ্বলি যোৱাৰ ফলত অন্ধ যুৱকজনৰ দেউতাক আৰু ককায়েকে সাঁচি থোৱা নগদ এক লাখ টকাৰ লগতে পৰিয়ালটোৰ কাপোৰকানি, কাহী-বাতি, মাটিৰ নথিপত্ৰ, অন্ধ যুৱকজনৰ সকলো নথিপত্ৰকে ধৰি ঘৰৰ সকলো বয়বস্তু জ্বলি ভস্মীভূত হয় ৷ ইফালে ঘটনাৰ বৰ্ণনা অনুসৰি ঘৰত কোনো নথকা সন্ধিয়া সময়চোৱাত দীপকৰ ঘৰলৈ কোনোবা অচিনাকি দুজনমান ব্যক্তি আহি ঘৰত প্ৰৱেশ কৰে ৷ 

সেই সময়তত দীপকো ঘৰত নাছিল ৷ ইফালে ঘৰৰ সমুখতে প্ৰায় ১০০ মিটাৰ দূৰত্বৰ নিলগতে বৃদ্ধ দেউতাকে তামোল-পাণৰ দোকানখনতে ব্যস্ত আছিল ৷ সন্দেহ কৰা মতে অচিনাকি ব্যক্তি দুজনে হয়তো চিগাৰেট খাই ঘৰৰ কাষত পৰি থকা কাগজ অথবা কাপোৰত লাগি উমি উমি জ্বলি শেষত হয়তো প্ৰকাণ্ডলৈ জুইলৈ ৰূপান্তৰিত হৈ এনে অঘটনটো হ'ব পাৰে বুলি আংশকা কৰা হৈছে ৷ ইতিমধ্যে আৰক্ষী আৰু জিলা প্ৰশাসনে ঘটনাস্থলী পৰিদৰ্শন কৰি অৱস্থাৰ বুজ লৈছে ৷

fire