/asomiyapratidin/media/media_files/2025/05/17/qqPj9TFDBLqMH3taXXrU.jpg)
ডিজিটেল সংবাদ, ধেমাজি : “জনতা জনাৰ্দনক আমি যদি সেৱা নকৰো, প্ৰতিনিধি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত যদি তেওঁলোকৰ পৰা আঁতৰি আহো তেতিয়া সেই ৰাইজে সুবিধা পালে তেনেকুৱা প্ৰতিনিধিক এসেকা দিয়ে”- এই মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।
সদ্যসমাপ্ত পঞ্চায়ত নিৰ্বাচনত জয়লাভ কৰা গাঁও পঞ্চায়তৰ সদস্য/সদস্যা, আঞ্চলিক পঞ্চায়তৰ কাউন্সিলৰ আৰু জিলা পৰিষদৰ সদস্য/সদস্যাসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে শনিবাৰে আয়োজন কৰা এক ৰাজহুৱা সভাত এইদৰে কয় শিক্ষামন্ত্ৰী গৰাকীয়ে ৷
ধেমাজিৰ তেলিজানস্থিত বাছ টাৰ্মিনাছত শনিবাৰে বিয়লি বিজেপিৰ জিলা সভানেত্ৰী ৰূপা কামানৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত মন্ত্ৰী ড০ পেগুৱে “সেৱাই সংগঠন”ৰ মূলমন্ত্ৰৰে সততা আৰু নিষ্ঠাৰে ৰাইজৰ সেৱাত মনোনিৱেশ কৰিবলৈ আহ্বান জনায় ৷
ভাষণ প্ৰসংগত তেওঁ বিজেপি চৰকাৰৰ কামকাজত ৰাইজ সন্তুষ্ট হোৱাৰ কথা উল্লেখ কৰি একতাৰ কাৰণে আমি পূৰ্বতকৈ ভাল ফলাফল লাভ কৰিছোঁ বুলি কয়৷ ইফালে পঞ্চায়ত প্ৰতিনিধিসকলৰ কৰণীয় আৰু ক্ষমতাৰ প্ৰসংগত তেওঁ কয় যে, নৰেন্দ্ৰ মোডী হ’ল পাৱাৰ হাউছ, মই এটা ট্ৰেন্সফৰ্মাৰ ৷ আপোনালোক পাৱাৰ হাউছ নহয় আপোনালোক ট্ৰেন্সফৰ্মাৰ ৷ ট্ৰেন্সফৰ্মাৰ চেঞ্জ কৰাৰ পাৱাৰ অসম চৰকাৰৰ আছে ৷ সেৱাৰ মনোভাৱৰে দায়বদ্ধতাৰে পঞ্চায়তৰ কামকাজ কৰিব লাগিব বুলি উল্লেখ কৰি যুগৰ পৰিৱৰ্তনৰ লগত তাল মিলাই খোজ দিবলৈ পঞ্চায়ত প্ৰতিনিধিসকলে টেকনলজি শিকিবই লাগিব বুলি কয় মন্ত্ৰী পেগুৱে ৷
আজিৰ সম্বৰ্ধনা সভাখনত সাংসদ প্ৰদান বৰুৱা, মিচিং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, ধেমাজি উন্নয়ন প্ৰাধিকৰণৰ সভাপতি তোলন কোঁৱৰে অংশগ্ৰহণ কৰি পঞ্চায়ত প্ৰতিনিধিসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰি শুভেচ্ছা জ্ঞাপন কৰে ৷
আজিৰ সভাতেই অসম জাতীয় পৰিষদৰ বিষ্ণুপুৰ পঞ্চায়তৰ ৮ নম্বৰ ৱাৰ্ডৰ নৱনিৰ্বাচিত সদস্যা ৰশ্মি বৰশইকীয়া, উত্তৰ ধেমাজি পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ নিৰ্দলীয় ৱাৰ্ড সদস্য পূৰ্ণ পাংগিং, উত্তৰ ধেমাজি পঞ্চায়তৰ ৯ নম্বৰ ৱাৰ্ডৰ কংগ্ৰেছৰ সদস্যা নয়নমনি কলিতা, হাতীগড় পঞ্চায়তৰ ২ নম্বৰ ৱাৰ্ডৰ কংগ্ৰেছৰ সদস্যা দুলোমনি বসুতাৰী দৈমাৰী আৰু হাতীগড় পঞ্চায়তৰ ৬ নম্বৰ ৱাৰ্ডৰ কংগ্ৰেছৰ সদস্যা দিপামনি বৰা দিহিঙ্গীয়াকে ধৰি কেইবাগৰাকীও নৱনিৰ্বাচিত প্ৰতিনিধিয়ে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান
কৰে ৷