সমাজসেৱক তথা প্ৰাক্তন আছু নেতা সুভাষ দলেৰ বিয়োগঃ ধেমাজি, চিচিমুখত শোক...

ধেমাজি নগৰৰ ৫ নং ৱাৰ্ডৰ নলনীপাম ৰুৱাদ দলুঙৰ নিবাসী, সমাজসেৱক. আছুৰ প্ৰাক্তন নেতা সুভাষ দলেৰ ৫৭ বছৰ বয়সতে মৃত্যু হোৱাত শোকৰ ছাঁ পৰিছে ধেমাজিতয

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
সমাজসেৱক তথা প্ৰাক্তন আছু নেতা সুভাষ দলেৰ বিয়োগতঃ ধেমাজি,  চিচিমুখত শোক...

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি নগৰৰ ৫ নং ৱাৰ্ডৰ নলনীপাম ৰুৱাদ দলুঙৰ নিবাসী তথা সমাজসেৱক আছুৰ প্ৰাক্তন জিলা বিষয়ববীয়া সুভাষ দলেৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে। মাত্ৰ ৫৭ বছৰ বয়সতে হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় সুভাষ দলেৰ।

Advertisment

উল্লেখ্য যে, হৃদৰোগত আক্ৰান্ত প্ৰাক্তন ছাত্ৰ নেতাগৰাকী নামৰূপৰ এখন চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে মৃত্যু হয়। ইয়াৰ পিছতে ধেমাজিত শোকৰ ছাঁ পৰিছে। 

১৯৬৮ চনত চিচিমুখত জন্ম গ্ৰহন কৰা সুভাষ দলেয়ে ১৯৮৩ চনত চিচিমুখ উচ্চতৰ মাধ্যিমক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীন হৈ ১৯৮৫ চনত চিলাপথাৰ মহাবিদ্যালয় পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হৈছিল। 

সেই সময়তে তেওঁ ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা আন্দোলনত জপিয়াই পৰে আৰু পৰৱৰ্তী সময়ত প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন অসম গণ পৰিষদ চৰকাৰৰ দিনত দলটোত যোগদান কৰি সক্ৰিয় ৰাজনৈতীলৈ আহে। তাৰ পূৰ্বে তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ অবিভক্ত লখিমপুৰ আৰু ধেমাজি জিলা ছাত্ৰ সন্থাৰ সক্ৰিয় সদস্য হোৱাৰ উপৰিও লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক, ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদকৰ লগতে প্ৰচাৰ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল৷

ধেমাজি জিলাৰ ঐতিহাসিক পুৰণি নাম চিচি কলঘৰৰ বৰ্তমান চিচিমুখত জন্ম গ্ৰহণ কৰা সুভাষ দলেয়ে বৃহত্তৰ মাছখোৱা অঞ্চলৰ বিভিন্ন সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনলৈ তেওঁৰ বহু অৱদান আগবঢ়াই থৈ গৈছে। যি এই অনুষ্ঠানসমূহৰ বাবে চিৰ স্মৰণিয় হৈ ৰ'ব ৷

প্ৰয়াত দলেয়ে মাছখোৱা উন্নয়ন খণ্ড, মাছখোৱা মহাবিদ্যালয়, মাছখোৱা অসম গণ পৰিষদ দল, মাছখোৱা নগৰ উচ্চ মাধ্যমিক বিদ্যালয়,চিচিমুখ মহাবিদ্যালয়, মাছখোৱা ৰাতি বিহু, পুঞ্চাং জনজাতি এম ই স্কুলকে ধৰি বহু অনুষ্ঠান প্ৰতিষ্ঠান প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছিল৷ ইয়াৰ উপৰিও তেওঁ মিচিংৰ দলে অপিন কেবাংৰ সম্পাদক, ২০১১ চনত ধেমাজি জিলা লখিপথাৰত অনুষ্ঠিত হোৱা মিচিং বানে কেবাং অধিবেশনৰ আদৰণি সমিতিৰ সম্পাদকো আছিল।

তেওঁৰ মৃত্যুত মাছখোৱা আঞ্চলিক ছাত্ৰ সন্থা, ৰাতি বিহু উদযাপন সমিতি, অসম সাহিত্য সভা মাছখোৱা শাখা, মাছখোৱা নগৰ হাইস্কুল শিক্ষক গোট, মিচিং আগম কেবাং চিচিমুখ শাখাকে ধৰি বহু ব্যক্তি আৰু অনুষ্ঠান, প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে৷ মৃত্যুৰ সময়ত তেওঁ পত্নীৰ সৈতে দুই কন্যাৰ লগতে পৰিয়ালৰ অনেকজনক এৰি গৈছে৷

আছু