পাকিস্তানৰ একান্ত বন্ধু চীনক সকিয়নী দিবলৈ ভাৰতৰ বিশেষ পৰিকল্পনা...

অপাৰেচন সিন্দূৰৰ জৰিয়তে পাকিস্তানক ঠাণ্ডা কৰাৰ পাছত এইবাৰ সীমাক লৈ বাৰে বাৰে ভাৰতৰ সৈতে ফেপেৰি পাতি লোৱা চীনক শিক্ষা দিব ভাৰতে। ইতিমধ্যে ইয়াৰ সকলো পৰিকল্পনা কৰিছে ভাৰত চৰকাৰে।

New Update
াাাাাাাাাাাা

ডিজিটেল ডেস্কঃ অপাৰেচন সিন্দূৰৰ জৰিয়তে পাকিস্তানক ঠাণ্ডা কৰাৰ পাছত এইবাৰ সীমাক লৈ বাৰে বাৰে ভাৰতৰ সৈতে ফেপেৰি পাতি লোৱা চীনক শিক্ষা দিব ভাৰতে। ইতিমধ্যে ইয়াৰ সকলো পৰিকল্পনা কৰিছে ভাৰত চৰকাৰে। আমি সকলোৱে জানো যে, চীনে অৰুণাচলৰ সীমান্তমূৰীয়া স্থানত সদায়ে ভিন্ন প্ৰক্ৰিয়াৰে দখল কৰিবলৈ চেষ্টা চলায়। বহু সময়ত অৰুণাচলৰ সীমান্তমূৰীয়া বহু অঞ্চলত ঘাটিও পাতে চীনা সেনাই।

Advertisment

চীনৰ এই কাৰ্যক ভাৰতে বাৰে বাৰে গৰিহণা প্ৰদান কৰি আহিছে যদিও, শেহতীয়াকৈ ভাৰত চৰকাৰআ আৰু অৰুণাচলৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত। ২০২৬বৰ্ষটোক আদৰণি জনাবলৈ এইবাৰ কেন্দ্ৰীয় চৰকাৰে অৰুণাচলৰ সীমান্তমূৰীয়া স্থানত আয়োজন কৰিব এক বিশেষ অনুষ্ঠানৰ। এই অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোডী।

ইতিমধ্যে এই অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ অৰুণাচল চৰকাৰৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অৰুণাচলৰ সীমান্তমূৰীয়া ডোঙ্গ গাৱত আয়োজন কৰা হব নৱবৰ্ষৰ সূৰ্য নমস্কাৰ শীৰ্ষক এই অনুষ্ঠানৰ। উল্লেখ কৰা প্ৰয়োজন যে, এই স্থানতেই ভাৰতত প্ৰথম সূৰ্যৰ কিৰণ পৰে। আৰু সেই স্থানত চীনে ইতিপূৰ্বে বহুবাৰ দখল কৰাৰ বাবে চেষ্টা চলাই আহিছে।

উক্ত স্থানতে ভাৰত চৰকাৰে নৱবৰ্ষক আদৰণি জনাবৰ বাবে অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ লোৱা সিদ্ধান্তই চীনক ৰাজনৈতিকভাৱে স্পষ্ট বাৰ্তা দিবলৈ চেষ্টা কৰিছে। ইতিমধ্যে যোৱা ১৩মেত এই অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ অৰুণাচল চৰকাৰে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে। এই কেবিনেট বৈঠকখনো ভাৰত-চীন সীমান্তৰ কিবিথু অঞ্চলতে অনুষ্ঠিত কৰা হৈছিল।

এই বিশেষ অনুষ্ঠানটি ২৯ডিচেম্বৰ, ২০২৫ৰ পৰা ৩জানুৱাৰী, ২০২৬লৈকে চলিব। ভিন্ন দুঃসাহসিক খেলৰো আয়োজন কৰিব অৰুণাচল চৰকাৰে।  দেশৰ কূটনৈতিক বিশেষজ্ঞ সকলে ভাৰত চৰকাৰৰ এই অনুষ্ঠানক লৈ মত ব্যক্ত কৰিছে যে, সীমাক লৈ যুজি থকা চীনক এক স্পষ্ট বাৰ্তা দিবলৈকে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিশেষকৈ অপাৰেচন সিন্দূৰৰ পাছত ভাৰতে সীমান্তমূৰীয়া বৈৰী ৰাষ্ট্ৰসমূহক কঠোৰ বাৰ্তা দিয়াৰ বাবে এয়া এক আওপকীয়া সকিয়নী বুলি কব বিচাৰিছে বহুতে। 

পাকিস্তান