/asomiyapratidin/media/media_files/2025/05/25/ptHsxsxbbJeluej18JsJ.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁঞি বৰুৱাই প্ৰতিষ্ঠা কৰি যোৱা 'সদৌ অসম আহোম সভা' অসমৰ ১৩৩ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস দুদিনীয়া কাৰ্যসূচীৰ দেওবাৰে সফল সমাপ্তি ঘটে। আহোম সমাজৰ স্বকীয় চহকী লোক কৃষ্টি, পৰম্পৰা, সাংস্কৃতিক ঐতিহ্য, কীর্তিচিহ্ন আদি সংৰক্ষণ তথা আর্থ-সামাজিক উন্নয়নৰ দাবীৰে ঢকুৱাখনাৰ সাপতিয়া চেতিয়া গাঁৱৰ জননেতা সুৰেন্দ্ৰ নাথ বঢ়াগোহাঞি ক্ষেত্ৰত অনুষ্ঠিত হৈছিল সদৌ অসম আহোম সভাৰ ১৩৩ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। দেওবাৰে অন্তিমদিনাৰ কাৰ্যসূচীৰ পুৱা পৰিৱেশ নিকাকৰণে শুভাৰম্ভ কৰে হয়।
পুৱা বেলা বিভিন্ন কাৰ্যসূচীৰ পাছত প্ৰতিষ্ঠা দিৱসৰ অন্তিম দিনৰ মূল কাৰ্যসূচী মুকলি সভা দুপৰীয়া ২বজাৰ পৰা অনুষ্ঠিত হয় । আহোম সভাৰ সভাপতি চাও প্ৰবীণ গগৈৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত ৰাজ্য চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন তথা শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে সন্মানীয় অতিথি হিচাবে অংশগ্ৰহণ কৰি কয় ৰাজ্যখনৰ অন্যান্য জনজাতি সকলৰ প্ৰাপ্য অধিকাৰ খৰ্ব নকৰাকৈ যাতে ভূমিপুত্ৰ আহোম সকলৰ জনজাতীয় মৰ্য্যদা প্ৰদান কৰিব পাৰি তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখি বিধানসভাত নিয়োজিত মন্ত্ৰী মণ্ডলীক প্ৰতিবেদন দাখিল কৰাৰ আহ্বান জনাইছে।
আগন্তুক বিধানসভা অধিবেশনত নহলেও ২০২৫ বর্ষৰ ভিতৰত এই প্ৰতিবেদন দাখিল কৰিব জনাকীৰ্ণ সভাত বুলি মন্ত্ৰী পেগুৱে ঘোষণা কৰে । তাৰোপৰি সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ নাম চিৰযুগমীয়া কৰাৰ নিমিত্তে চৰকাৰে এক বিশেষ কার্যব্যৱস্থা গ্ৰহণ কৰিছে বুলি সভাত জানিবলৈ দিযে মন্ত্ৰী পেগুৱে। তাই আহোম উন্নয়ন পৰিষদক স্বায়ত্ব শাসিত পৰিষদলৈ উন্নীত কৰাৰ বাবে বিধিগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহোম সভাই জনোৱা দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকশীঘ্ৰে অৱগত কৰিব বুলি সভাত মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।
ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা সমাগম হোৱা আহোম সমাজৰ জ্ঞাতি বৰ্গৰ উৎসাহপূৰ্ণ উপস্থিতিত সদৌ অসম আহোম সভাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল ৰাজকোঁৱৰ , চাওলুং ছুকাফা ক্ষেত্ৰৰ উপাধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁই, ঢকুৱাখনা সমজিলাৰ আৰক্ষী অধীক্ষক লিন্টু বৰা আদি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে সভাত বক্তব্য আগবঢ়াই । জনাকীৰ্ণ সভাতেই আহোম সভাৰ স্মৃতিগ্ৰস্থ উন্মোচন কৰা হয়।
ইফালে নিশালৈ অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত জনপ্ৰিয় অভিনেতা নয়ন নীলিম, বিশিষ্ট বিহুৱা খগেন গগৈৰ লগতে কেইবাগৰাকী সাংস্কৃতিক কৰ্মীয়ে সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঞি ক্ষেত্ৰ জীপাল কৰি তোলাৰ পাছত সভাৰ পতাকা নমাই প্ৰতিষ্ঠা দিৱসৰ সফল সামৰণি মৰা হয়।