এইবাৰ বাংলাদেশীৰ ৰক্ষা নাই! দেশৰ লগতে অসমতো চলিছে তীব্ৰ অভিযান...

শেহতীয়াকৈ অসম আৰক্ষীৰ জালত পৰিছে প্ৰায় অৰ্ধশতাধিক বাংলাদেশী নাগৰিক। অসমৰ ভিন্ন প্ৰান্ত বাস কৰা এই বাংলাদেশী নাগৰিকসকলক লৈ অসম আৰক্ষীয়ে তীব্ৰতৰ কৰিছে অভিযান।

New Update
rfrfrfrf

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ অসম আৰক্ষীৰ জালত পৰিছে প্ৰায় অৰ্ধশতাধিক বাংলাদেশী নাগৰিক। অসমৰ ভিন্ন প্ৰান্ত বাস কৰা এই বাংলাদেশী নাগৰিকসকলক লৈ অসম আৰক্ষীয়ে তীব্ৰতৰ কৰিছে অভিযান। গুৱাহাটীৰ লগতে মৰিগাওঁ, নুমলীগড়, মেৰাপানী,  আৰু শিৱসাগৰ জিলাৰ লগতে ভিন্ন প্ৰান্তত চলাইছে এই অভিযান।

Advertisment

মৰিগাঁও জিলাৰ জাগীৰোড, ধৰমতুল আৰু মায়ঙকে ধৰি জিলাখনৰ চুকে-কোণে চলোৱা অভিযানত জালত পৰিছে ৯জন সন্দেহজনক বাংলাদেশী।নুমলীগড় তেল শোধনাগাৰৰ অধীনৰ বহু কোম্পানীত কাম কৰি থকা শ্ৰমিকৰ মাজৰ পৰা  আটক কৰা হৈছে ২২জন সন্দেহজনক নাগৰিকক।

মেৰাপানীৰ পৰা আৰক্ষীয়ে আটক কৰিছে ৬ জন সন্দেহজনক বাংলাদেশীক। শিৱসাগৰ জিলাৰ একাধিক ঠাইৰ পৰা আৰক্ষীয়ে আটক কৰিছে ১৪জন সন্দেহজনক নাগৰিকক। উল্লেখ কৰা প্ৰয়োজন যে, পেহেলগাম কাণ্ডৰ পাছতে দেশজুৰি অবৈধ বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে চলিছে ধাৰাবাহিত অভিযান। ২৬ এপ্ৰিলৰ পৰা গুজৰাটত আৰম্ভ হোৱা অভিযানত এইপৰ্যন্ত আটক হৈছে ৬ হাজাৰ ৫০০ৰো অধিক বাংলাদেশী নাগৰিক। 

গুজৰাটৰ দৰে ৰাজস্থান চৰকাৰেও চিনাক্ত কৰিছে ১০০০জন অবৈধ বাংলাদেশী নাগৰিকক।

বাংলাদেশী