ৰাজ্যসভাত NDAৰ অগ্নিপৰীক্ষাঃ আজি উত্থাপন হ’ব বিতৰ্কিত দিল্লী সেৱা বিধেয়ক

ৰাজ্যসভাত NDAৰ অগ্নিপৰীক্ষাঃ আজি উত্থাপন হ’ব বিতৰ্কিত দিল্লী সেৱা বিধেয়ক

author-image
Asomiya Pratidin
New Update
ৰাজ্যসভাত NDAৰ অগ্নিপৰীক্ষাঃ আজি উত্থাপন হ’ব বিতৰ্কিত দিল্লী সেৱা বিধেয়ক

ডিজিটেল ডেস্কঃ শাসকীয় এন ডি এৰ বাবে ৰাজ্যসভাত অগ্নিপৰীক্ষা। আজি ৰাজ্যসভাত আলোচনা তথা ভোটদানৰ বাবে উত্থাপন হ’ব বিতৰ্কিত দিল্লী সেৱা বিধেয়ক। কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰিব এই বিধেয়কখন। লোকসভাৰ পিছত এইবাৰ ৰাজ্যসভাত বিধেয়কখনক লৈ হ'ব বিতৰ্ক।

Advertisment

এই সন্দৰ্ভত আম আদমি পাৰ্টীয়ে ইতিমধ্যেই জাৰি কৰিছে থ্ৰি লাইন হুইপ। আনহাতে সোমবাৰ আৰু মঙলবাৰে প্রতিগৰাকী সাংসদক উপস্থিত থকাৰ নিৰ্দেশ দিছে কৰ্তৃপক্ষই। উল্লেখ্য বিধেয়কখনক বিজেডি আৰু ওৱাই এছ আৰ কংগ্রেছে সমৰ্থন জনাব। ইয়াৰ উপৰি তেলেগুদেশম পাৰ্টীয়েও সমৰ্থন জনাব বিধেয়কখনক। যাৰ বাবে এই তিনি দলৰ সমৰ্থনত বিধেয়কখন গৃহীত হোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে।

Also Read: ডাম্পাৰৰ দৌৰাত্ম্যঃ বোল ব’ম যাত্ৰীৰ বাহনত প্ৰচণ্ড খুন্দা

Govt of India rajya sabha