পশ্চিম বংগৰ ইছলামপুৰত পঞ্চম আন্তৰ্জাতিক সাহিত্য উৎসৱ...

পঞ্চম আন্তৰ্জাতিক সাহিত্য উৎসৱত ৰাজুমনি শইকীয়াৰ ইংৰাজী কাব্যগ্ৰন্থ নোটেচন অৱ লাইফ" উন্মোচন...

author-image
Asomiya Pratidin
New Update
পশ্চিম বংগৰ ইছলামপুৰত পঞ্চম আন্তৰ্জাতিক সাহিত্য উৎসৱ...

ডিজিটেল সংবাদ, জাগীৰোড : পশ্চিম বংগৰ ইছলামপুৰত শণিবাৰৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে পঞ্চম আন্তৰ্জাতিক সাহিত্য উৎসৱ ৷ ইংৰাজী ভাষাৰ এই সাহিত্য উৎসৱলৈ আমন্ত্ৰিত হৈছিল অসমৰ বহুভাষী কবি ৰাজুমনি শইকীয়া ৷ ইছলামপুৰৰ সূৰ্য সেন মঞ্চত অনুষ্ঠিত সাহিত্য উৎসৱত শণিবাৰে কবিগৰাকীৰ ইংৰাজী কবিতাপুথি "নোটেচন অৱ লাইফ" উন্মোচিত হয় ৷ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট ইংৰাজী ভাষাৰ কবি সৰ্বাশীষ কুমাৰ পালে ৷ উল্লেখ্য যে, গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে কলিকতাৰ কৰপোৰেট পাবলিচিটি নামৰ এটা প্ৰকাশন সংস্থাই ৷

Advertisment

এই সাহিত্য উৎসৱত অংশগ্ৰহন কৰে মালয়েছিয়া, বাংলাদেশ, ডুবাই আৰু ভাৰতৰ বিভিন্ন প্ৰদেশৰ ইংৰাজী ভাষাত কাব্য চৰ্চা কৰা কবি সকলে। পঞ্চম আন্তৰ্জাতিক কবি সন্মিলন খনত ইনাৰ পীচ, চিমফনী অৱ ৱৰ্ডচ নামৰ দুখন গ্ৰন্থও উন্মোচন কৰা হয় ৷ তদুপৰি অসমৰ পৰা অংশগ্ৰহন কৰা উৎসৱত মৃগেন্দ্ৰ নাথ বৰাৰ "ধূন-পেঁছ ঠেহ পেছ" উন্মোচন কৰা হয় ৷

পঞ্চম আন্তৰ্জাতিক সাহিত্য উৎসৱত নিজৰ ভাষণত বহুভাষী কবি ৰাজুমনি শইকীয়াই কয় যে, "কবিতা পৃথিৱীৰ আদি সাহিত্য। আমি সেই আদি সাহিত্য আধুনিক ৰূপত চৰ্চা কৰিছো ৷ কবিতা এতিয়াও পৃথিৱীৰ সৰহ সংখ্যক সাহিত্যিকে চৰ্চা কৰে ৷ গতিকে কবিতা চৰ্চা কৰোঁতে আমি সচেতন হ’ব লাগে ৷

পুৰণি কালত কবিয়ে মহাকাব্য ৰচনা কৰিছিল ৷ ভগৱান বিষয়ক ধাৰণাটোৰ প্ৰচাৰক কবি ৷ মহাকাব্যৰ পাতত ঈশ্বৰৰ জন্ম কথা, জন্ম ৰহস্য, লীলা আদি বৰ্ণনা কৰিছিল ৷ এতিয়া মহাকাব্য ৰচনা কৰা কবি নাই ৷ কাৰণ ঈশ্বৰৰ মৃত্যু হৈছে ৷ দ্বিতীয় বিশ্বযুদ্ধতেই ঈশ্বৰৰ মৃত্যু হ’ল ৷ দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত কোনেও মহাকাব্য ৰচনা নাই ৷ ঈশ্বৰৰ নৱজন্মৰ সন্ধান দিয়া নাই ৷"

তেওঁ লগতে কয় যে, কবিয়ে সমাজ, জীৱন আৰু বাস্তৱক কাব্যৰ মূল কৰি লৈছে ৷ কবিয়ে কবিতাত সকলো লিখে ৷ কবিয়ে জীৱনৰ সকলো কথা লিখিব পাৰে ৷ কবিতাত লিখে ৷ উপমা অলংকাৰেৰে কবিয়ে কবিতা নিৰ্মান কৰে ৷ নিজৰ জীৱনটোক কবিয়ে অনুবাদ কৰে কবিতাৰ ভাষাৰে ৷ ইয়াতেই কবিৰ সাৰ্থকতা ৷" উল্লেখ্য য়ে, এই উৎসৱত অসমৰ পৰা অংশগ্ৰহন কৰিছে ক্ৰমে দামোদৰ বৰুৱা , ইন্দ্ৰ বৰা , দেৱজিৎ গগৈয়ে৷

Also Read: প্ৰশিক্ষণত নামিল অগ্নিবীৰৰ জোৱান: কি আৰ্হিৰে প্ৰদান কৰা হৈছে প্ৰশিক্ষণ...

west bengal