ছিকিমত প্ৰচণ্ড বৰষুণ, ভূমিস্খলনৰ ফলত আবদ্ধ ১৫০০ পৰ্যটকঃ ৮ জন সন্ধানহীন...

ধাৰাসাৰ বৰষুণৰ ফলত নিৰুদ্দেশ হোৱা ৮জন পৰ্যটকৰ সন্ধানত বাধাৰ সৃষ্টি হয়। অৱশেষত তীস্তা নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পিছত অনুসন্ধান অভিযান বন্ধ কৰি দিয়া হয় বুলি বিষয়াসকলে জনায়।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
v

ডিজিটেল ডেস্কঃ  অত্যধিক বৰষুণ আৰু ভূমিস্খলনৰ ফলত ছিকিমত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। ধাৰাসাৰ বৰষুণৰ বাবে বহু আৱাসিক এলেকাত পানী হোৱা ফলত বিপদত পৰিছে জনসাধাৰণ। লগতে ভূমিস্খলনৰ বাবে স্থানীয় ৰাইজৰ সমস্যা বাঢ়িছে। বিগত কিছুদিনৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ বাবে ছিকিমৰ বিভিন্ন অঞ্চলত আবদ্ধ হৈ আছে ১৫০০ পৰ্যটক। আনহাতে ৮জন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। যাৰ সন্ধান চলি আছে। 

Advertisment

ছিকিমত এনেদৰে বৰষুণ অব্যাহত থাকিলে পৰিস্থিতি আৰু অধিক ভয়াৱহ হ’ব পাৰে বুলিও উল্লেখ কৰিছে প্ৰশাসনে। ৰাজ্যত বৰষুণ সন্দৰ্ভতো আইএমডিয়ে এক সতৰ্কবাণী জাৰি কৰিছে। ছিকিমৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। ধাৰাসাৰ বৰষুণৰ ফলত নিৰুদ্দেশ হোৱা ৮জন পৰ্যটকৰ সন্ধানত বাধাৰ সৃষ্টি হয়। অৱশেষত তীস্তা নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পিছত অনুসন্ধান অভিযান বন্ধ কৰি দিয়া হয় বুলি বিষয়াসকলে জনায়।

বৃহস্পতিবাৰে নিশা মংগন জিলাৰ তীস্তা নদীত এখন বাহন বাগৰি পৰাত এজন লোক নিহত হোৱাৰ লগতে আন দুজন আহত হোৱাৰ বিপৰীতে আন ৮ জন সন্ধানহীন হৈ আছে। লাচেন-লাচুং ঘাইপথৰ মুনচিথাঙৰ সমীপত ১০০০ ফুটতকৈও অধিক গভীৰতাত নদীত বাগৰি পৰে গাড়ীখন। মংগনৰ আৰক্ষী অধীক্ষক সোণম দেচু ভুটিয়াই জনোৱা মতে, লাচেনত ১১৫ জন পৰ্যটক আৰু লাচুঙত ১৩৫০ গৰাকী পৰ্যটক আবদ্ধ হৈ আছে।

বিষয়াসকলে জনোৱা মতে, বহু ঠাইত ভূমিস্খলনৰ বাবে দুয়োফালৰ পৰা ওলাই অহা পথ বন্ধ হৈ থাকে। সেয়েহে পৰ্যটকসকলক তেওঁলোকৰ হোটেলত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে আৰু পথসমূহ সম্পূৰ্ণৰূপে মুকলি হ’লেই স্থানান্তৰিত কৰা হ’ব।

শুকুৰবাৰে বিয়লি ব্যাহত হোৱা বিদ্যুৎ যোগান আজি সন্ধিয়া পুনৰ আৰম্ভ হোৱাৰ বিপৰীতে দেওবাৰৰ ভিতৰত খোৱাপানী যোগান পুনৰ ঘূৰাই অনাৰ প্ৰচেষ্টা চলি আছে বুলি বিষয়াসকলে জনায়। প্ৰায় ২৪ ঘন্টাৰ অন্তত বিয়লি প্ৰায় ৩ বজাত ম'বাইল নেটৱৰ্ক সেৱা পুনৰ দিয়া হয়। ইয়াৰ এজন বিষয়াই কয় যে অঞ্চলটোত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত তীস্তা নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে।

 

ছিকিম