/asomiyapratidin/media/media_files/2025/05/31/xBeRd5hiQq2nMbn8QHAD.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ সক্ৰিয় ক'ভিড আক্ৰান্তৰ সংখ্যা প্ৰায় ৩ হাজাৰলৈ বৃদ্ধি পাইছে। কেৰালাৰ পিছতে মহাৰাষ্ট্ৰ আৰু দিল্লীতো আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। চৰকাৰী তথ্য অনুসৰি ৪ দিনৰ ভিতৰত এই ৰোগৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে।
২৬ মে’লৈকে ভাৰতত মুঠ ১,০১০ জন কভিড আক্ৰান্ত হোৱাৰ বিপৰীতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ চৰকাৰী তথ্য অনুসৰি ৩০ মে’লৈকে মুঠ ২,৭১০ জন সংক্ৰমণ হৈছে। উল্লেখ্য যে, শনিবাৰে দিল্লীত ক’ভিড-১৯ ত আক্ৰান্ত এগৰাকী ৬০ বছৰীয়া মহিলাৰ মৃত্যু হোৱা বুলি স্বাস্থ্য বিভাগৰ বিষয়াসকলে সদৰী কৰে।
তথ্য অনুসৰি কেৰালাত ১১৪৭ জন, মহাৰাষ্ট্ৰত ৪২৪ জন, দিল্লীত ২৯৪ জন আৰু গুজৰাটত ২২৩ জন আক্ৰান্ত হৈছে। তামিলনাডুত এতিয়ালৈকে মুঠ ১৪৮ জন আক্ৰান্ত হোৱাৰ বিপৰীতে কৰ্ণাটক আৰু পশ্চিম বংগত ক্ৰমে ১৪৮ জন আৰু ১১৬ জন আক্ৰান্ত হৈছে।
ৰাজস্থানত ৫১ জন, উত্তৰ প্ৰদেশত ৪২ জন, পুডুচেৰীত ২৫ জন, হাৰিয়ানাত ২০ জন, অন্ধ্ৰ প্ৰদেশত ১৬ জন, মধ্যপ্ৰদেশত ১০ জন, গোৱাত ৭ জন, আৰু ওড়িশা, পঞ্জাৱ, আৰু জম্মু কাশ্মীৰত ৪ জনকৈ আক্ৰান্ত হৈছে।
৩ খন ৰাজ্য - তেলেংগানা, অৰুণাচল প্ৰদেশ, আৰু চণ্ডীগড়ত তিনিজনকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ বিপৰীতে মিজোৰাম আৰু অসমত এতিয়ালৈকে দুজনকৈ লোকৰ সংক্ৰমণ ধৰা পৰিছে। আন্দামান আৰু নিকোবৰ, ছিকিম, আৰু হিমাচল প্ৰদেশৰ পৰা কোনো সক্ৰিয় ৰোগী ধৰা পৰা নাই। বিহাৰৰ চৰকাৰী তথ্য এতিয়াও উপলব্ধ হোৱা নাই।