টাৰ্কিছ এয়াৰলাইন্সৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ ভাৰতৰ...

এয়াই নহয়, ভাৰতৰ বহু ট্ৰেভেল এজেন্সী আৰু অনলাইন ট্ৰেভেল প্লেটফৰ্মে তুৰস্ক ভ্ৰমণৰ ক্ষেত্ৰত সাৱধান হ’বলৈ পৰামৰ্শ জাৰি কৰিছে। ইয়াৰ পৰা ভাৰতৰ ইংগিত স্পষ্ট হৈ পৰিছে।

author-image
Asomiya Pratidin
New Update
1air

ডিজিটেল ডেস্কঃ  ক্ৰমাৎ অৱনতি ঘটিছে ভাৰত আৰু তুৰস্কৰ মাজৰ সম্পৰ্কৰ। এতিয়া এই তিক্ততাৰ প্ৰভাৱ বাণিজ্য ক্ষেত্ৰতো পৰি পৰিলক্ষিত হৈছে। শেহতীয়াকৈ এই মতানৈক্যৰ প্ৰভাৱ বিমান খণ্ডতো স্পষ্টকৈ দেখা গৈছে। ইণ্ডিগ’ এয়াৰলাইন্সে তুৰ্কী এয়াৰলাইন্সৰ সৈতে কৰা ক’ড শ্বেয়াৰিং আৰু ডেম্প লীজ চুক্তি বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।

Advertisment

শেহতীয়াকৈ তুৰস্কই পাকিস্তানক সমৰ্থন কৰাৰ লগতে সন্ত্ৰাসবাদী ঘাটিত ভাৰতৰ বিমান আক্ৰমণক সমালোচনা কৰাৰ সময়তে এই সিদ্ধান্ত লোৱা হৈছে। এই স্থিতিৰ পিছত ভাৰত চৰকাৰেও কঠোৰ স্থিতি গ্ৰহণ কৰে আৰু এতিয়া ডিজিচিএ (অসামৰিক বিমান পৰিবহণৰ সঞ্চালক প্ৰধান)য়ে স্পষ্ট কৰি দিছে যে ইণ্ডিগ’ৰ সৈতে কৰা চুক্তি এতিয়া ২০২৫ চনৰ ৩১ আগষ্টলৈকেহে বৈধ হ’ব।

উল্লেখ্য যে, বৰ্তমান ইণ্ডিগ’ আৰু টাৰ্কিছ এয়াৰলাইন্সে ‘ডাম্প লীজ’ত দুখন বয়িং ৭৭৭-৩০০ইআৰ বিমান লৈ দিল্লী আৰু মুম্বাইৰ পৰা ইস্তানবুললৈ পোনপটীয়া বিমান চলাই আছে। এই ভিজা পট্টাটো এনে এক চুক্তি য’ত বিমানখন ভাড়াত দিয়া হয় যদিও ক্ৰু ইণ্ডিগ'ৰ।

এই চুক্তি পূৰ্বে ২০২৫ চনৰ ৩১ মে’লৈকে আছিল যদিও ইণ্ডিগ'ৱে ৬ মাহ বৃদ্ধি কৰাৰ দাবী জনাইছিল। ডিজিচিএই মাত্ৰ ৩ মাহ সময় বৃদ্ধি কৰি স্পষ্ট কৰি দিলে যে তাৰ পিছত এই চুক্তি স্থগিত কৰা হ’ব।

তুৰ্কিয়ে ভাৰত বিৰোধী স্থিতিৰ পিছত বিচিএএছ অৰ্থাৎ ব্যুৰো অৱ চিভিল এভিয়েশন ছিকিউৰিটিয়েও তুৰ্কী কোম্পানী চেলেবি এয়াৰপৰ্ট চাৰ্ভিচেছৰ নিৰাপত্তাৰ অনুমতি বাতিল কৰিছে। কেৱল এয়াই নহয়, ভাৰতৰ বহু ট্ৰেভেল এজেন্সী আৰু অনলাইন ট্ৰেভেল প্লেটফৰ্মে তুৰস্ক ভ্ৰমণৰ ক্ষেত্ৰত সাৱধান হ’বলৈ পৰামৰ্শ জাৰি কৰিছে। ইয়াৰ পৰা ভাৰতৰ ইংগিত স্পষ্ট হৈ পৰিছে। বিমান খণ্ডৰ এই সিদ্ধান্ত কেৱল প্ৰতীকী নহয়, কৌশলগতও।

ইণ্ডিগ' বিমান তুৰস্ক