প্ৰশিক্ষণত নামিল অগ্নিবীৰৰ জোৱান: কি আৰ্হিৰে প্ৰদান কৰা হৈছে প্ৰশিক্ষণ...

বহু তৰ্ক-বিতৰ্ক, মত-দ্বিমতৰ অন্তত অনুষ্ঠিত হৈছিল অগ্নিবীৰৰ নিযুক্তি প্ৰক্ৰিয়া।

author-image
Asomiya Pratidin
New Update
প্ৰশিক্ষণত নামিল অগ্নিবীৰৰ জোৱান: কি আৰ্হিৰে প্ৰদান কৰা হৈছে প্ৰশিক্ষণ...

ডিজিটেল ডেস্ক : আৰম্ভ হ'ল অগ্নিবীৰৰ প্ৰশিক্ষণ । বহু মত-দ্বিমতৰ অন্তত অনুষ্ঠিত হৈছিল অগ্নিবীৰৰ নিযুক্তি প্ৰক্ৰিয়া। এই নিযুক্তি প্ৰক্ৰিয়াৰ অন্তত প্ৰথমবাৰলৈ অনুষ্ঠিত কৰা হৈছে অগ্নিবীৰৰ প্ৰশিক্ষণ । ভাৰতীয় বায়ু সেনাৰ কেন্দ্ৰত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে অগ্নিবীৰৰ জোৱানক।

এই খবৰ দি ভাৰতীয় বায়ু সেনাই প্ৰশিক্ষণৰ এক ভিডিঅ' অফিচিয়েল টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰে। ভিডিঅ'টিত অগ্নিবীৰ জোৱানে ভাৰতীয় বায়ু সেনাৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যকলাপ কৰা দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে, সেনাৰ বিভিন্ন গোটত অগ্নিবীৰ বাহিনীৰ প্ৰথম দলৰ প্ৰশিক্ষণ চলিত বৰ্ষৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল, যাৰ বাবে সেনাই প্ৰশিক্ষণৰ সংশ্লিষ্ট বিশেষ প্ৰশিক্ষণৰ পাঠ্যক্ৰম প্ৰস্তুত কৰিছিল।

আনহাতে, এই বায়ু সেনা বাহিনীৰ প্ৰশিক্ষণৰ সময়সীমা ধাৰ্য কৰা হৈছে ২৪ৰ পৰা ৩১ সপ্তাহ। যি পূৰ্বতে সৈনিকসকলক দিয়া প্ৰশিক্ষণৰ তুলনাত তুলনামূলকভাৱে কম। অৱশ্যে পাঠ্যক্ৰম এনেদৰে প্ৰস্তুত কৰা হৈছে যাতে সামৰিক দক্ষতাৰ কোনো অভাৱ নহয়।

উল্লেখ্য যে, এই অগ্নিবীৰ আঁচনি হৈছে ভাৰত চৰকাৰৰ সশস্ত্ৰ বাহিনীৰ তিনি সেৱা অৰ্থাৎ স্থল সেনা, নৌ সেনা আৰু বায়ু সেনাত নিযুক্তিৰ বাবে আৰম্ভ কৰা এক নতুন আঁচনি। আঁচনিখন ২০২২ চনৰ ১৬ জুনত ঘোষণা কৰা হৈছিল। এই আঁচনিৰ অধীনত, সেনাত যোগদান কৰা সৈনিকসকলক 'অগ্নিবীৰ' বুলি কোৱা হ'ব।

Also Read: লিভ-ইন সম্পৰ্ক! বিয়া পাতিব বিচৰাৰ বাবেই নৃশংসভাৱে হত্যা কৰিলে প্ৰেয়সীক

indian army agniveer