/asomiyapratidin/media/media_files/2025/06/01/xliToWRvbSp8Yp8QoBNq.jpg)
ডিজিটেল ডেস্কঃ শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত সক্ৰিয় ক'ভিড ১৯ ত আক্ৰান্তৰ সংখ্যা ৩,৩৯৫ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে কেৰালা ১৩৩৬ জন আক্ৰান্ত, তাৰ পিছতে আছে মহাৰাষ্ট্ৰ আৰু দিল্লী।
শুকুৰবাৰৰ পৰা শনিবাৰৰ ভিতৰত ৬৮৫ জন নতুন ক'ভিড আক্ৰান্ত হোৱাৰ বিপৰীতে দিল্লী, কেৰালা, কৰ্ণাটকত ৪ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। লগতে উত্তৰ প্ৰদেশত মৃত্যু হৈছে এজন লোকৰ।
বৰ্তমান মূল ৰাজ্যসমূহত সক্ৰিয় ৰোগীৰ সংখ্যা এনেধৰণৰ- কেৰালা ১,৩৩৬, মহাৰাষ্ট্ৰ ৪৬৭, দিল্লী ৩৭৫, গুজৰাট ২৬৫, কৰ্ণাটক ২৩৪, পশ্চিমবংগ ২০৫, তামিলনাডু ১৮৫, আৰু উত্তৰ প্ৰদেশ ১১৭ল জনকৈ লোক ক'ভিডত আক্ৰান্ত হৈ আছে।
উল্লেখ কৰা প্ৰয়োজন যে, আক্ৰান্তৰ সংখ্যা তীব্ৰভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ২২ মে’ত ২৫৭ৰ পৰা ২৬ মে’লৈকে ১০১০লৈ বৃদ্ধি পাইছে। শনিবাৰৰ ভিতৰত আৰু ৩৩৯৫লৈ বৃদ্ধি পাইছে।