দেশৰ চিকিৎসা জগতলৈ সু-খবৰ

২৪ ঘণ্টাত ছয়টা অংগ সংৰোপণৰ কৰি নতুন অভিলেখ

author-image
Asomiya Pratidin
New Update
দেশৰ চিকিৎসা জগতলৈ সু-খবৰ

ডিজিটেল ডেস্ক: দেশৰ চিকিৎসা জগতলৈ সু-খবৰ। নতুন অভিলেখ গঢ়ি সু-বাৰ্তা কঢ়িয়াই আনিলে ছাৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেচন হস্পিটেলে। হাস্পতাল খনৰ এই খবৰত এতিয়া স্বাভাবিকতেই উৎফুল্লিত হৈ পৰিছে দেশৰ চিকিৎসক-নাৰ্চ।

Advertisment

শেহতীয়া কৈ মুম্বাই স্থিত ছাৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেচন হস্পিটেলে ২৪  ঘণ্টাত ছয়টা অংগ সংৰোপণ কৰি নতুন অভিলেখ গঢ়িছে। ২৪ ঘণ্টাৰ ভিতৰত, হাস্পতাল খনে ছয়টা অংগ ক্ৰমে এটা হৃদযন্ত্ৰ, এটা দ্বৈত সংযুক্ত-হাঁওফাঁও সংৰোপণ, এটা দ্বৈত হাঁওফাঁও সংৰোপণ, দুটা যকৃত আৰু এটা বৃক্ক মানৱ দেহত সংৰোপন কৰিবলৈ সক্ষম হয়। উক্ত সংৰোপণ অষ্টোপ্ৰচাৰত চিকিৎসালয় খনৰ বিভিন্ন দলৰ সমৰ্থনৰ লগতে ২৫ জন শৈল্য চিকিৎসক,  ৩০ গৰাকী নাৰ্ছ,  ১৫ জন সহায়ক কৰ্মচাৰী আৰু ৪ জন সংৰোপণ সহায়কে সহযোগ কৰিছিল।

উল্লেখ্য যে, হৃদযন্ত্ৰ আৰু সংযুক্ত হাঁওফাঁওৰ স্থাপনৰ নেতৃত্ব দিছিল এডভাঞ্চ কাৰ্ডিয়াক চাৰ্জাৰী এণ্ড হাৰ্ট ট্ৰান্সপ্লান্টৰ সঞ্চালক ড০ অন্বয় মুলায় আৰু তেওঁৰ সহযোগি সকলে। আনহাতে যকৃত সংৰোপণৰ সঞ্চালক ড০ ৰবি মোহনকা আৰু তেওঁৰ দলে দুটা যকৃত সংৰোপণৰ নেতৃত্ব দিয়ে। ইপিনে হাঁওফাঁও সংৰোপণৰ নেতৃত্বত আছিল হাঁওফাঁও সংৰোপণ সঞ্চালক ড০ সন্দীপ আত্তাৱাৰ আৰু তেওঁৰ দল। বৃক্ক সংৰোপণৰ নেতৃত্ব দিছিল ক্ৰিটিকেল কেয়াৰ - নেফ্ৰোলজীৰ সঞ্চালক ড০ ৰুশি দেশপাণ্ডে, তথা ৰেনেল ট্ৰান্সপ্লান্ট চাৰ্জাৰীৰ পৰামৰ্শদাতা ড০ আশিক এ ৰাভাল, এনাস্থেচিয়াৰ সঞ্চালক ড০ হেমন্ত মেহতা আৰু তেওঁলোকৰ দলে। অৱশ্যে ক্ৰিটিকেল কেয়াৰৰ অধ্যক্ষ ড০ ৰাহুল পণ্ডিত আৰু তেওঁৰ দলেও এই সংৰোপণৰ সফলতাত অৰিহণা যোগাইছিল।

ছাৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেচন হাস্পতালৰ গ্ৰুপ চিইঅ' ড০ তৰং জিয়ানচান্দানীয়ে এই কৃতিত্বক প্ৰশংসা কৰি কয় যে, "আমি অত্যন্ত সৌভাগ্যৱান যে আমি এটা আন্তঃগাঁথনি পাইছো যিয়ে আমাক ২৪ ঘণ্টাৰ ভিতৰত এই সকলোবোৰ পৰিচালনা কৰিবলৈ অনুমতি দিছিল।” তদুপৰি চিইঅ’ গৰাকীয়ে হাস্পতাল খনৰ দাতা আৰু দাতা পৰিয়ালক কৃতজ্ঞতা জ্ঞাপন কৰে। চিকিৎসা দল আৰু তেওঁলোকৰ আশ্চৰ্যকৰ দক্ষতাৰ বাবেও ড০ তৰং জিয়ানচান্দানীয়ে গৌৰৱান্বিত হৈ পৰাৰ পৰিলক্ষিত হয়। তদুপৰি মুম্বাই আৰক্ষীকো তেওঁলোকৰ সহায় আৰু সহযোগিতাৰ বাবে চিইঅ’ গৰাকীয়ে ধন্যবাদ জনাই।

Also Read: কেনেকৈ সংঘটিত হৈছিল বিপিন ৰাৱাট যোৱা MI-17 V5হেলিকপ্টাৰখনৰ দুৰ্ঘটনা…