কেনেকৈ সংঘটিত হৈছিল বিপিন ৰাৱাট যোৱা MI-17 V5হেলিকপ্টাৰখনৰ দুৰ্ঘটনা…

কেনেকৈ সংঘটিত হৈছিল বিপিন ৰাৱাট যোৱা MI-17 V5হেলিকপ্টাৰখনৰ দুৰ্ঘটনা…

ডিজিটেল ডেস্কঃ সকলোৰে মনত এটাই প্ৰশ্ন। কেনেদৰে সংঘটিত হ'ল ভাৰতীয় সেনাই ব্যৱহাৰ অতি নিৰাপদ বুলি ভৱা MI-17 V5হেলিকপ্টাৰখন। ৰাচিয়াৰ পৰা ক্ৰয় কৰা এই হেলিকপ্টাৰখন অতি সুৰক্ষিত বুলি ভৱা হৈছিল। হেলিকপ্টাৰখনত থাকে দুটাকৈ ইঞ্জিন। যিকোনো প্ৰতিকূল পৰিৱেশত উৰিব পৰাকৈ সক্ষম এই হেলিকপ্টাৰখন।

সৰ্বাধিক প্ৰতিঘন্টাত ২৫০কিঃমিঃ বেগত উৰিব পৰা এই হেলিকপ্টাৰখন ব্যৱহাৰ কৰে দেশৰ সেনাৰ লগতে ভি ভি আই পিয়ে। ২০০৮চনত ৰাচিয়াৰ সৈতে হোৱা চুক্তি অনুসৰি ২০১৩ত মুঠ ৮০খন হেলিকপ্টাৰ অনা হৈছিল ভাৰতলৈ। অতি অত্যাধুনিক এই হেলিকপ্টাৰখনত থাকে ডিজিটেল ফাইভ ডাটা আৰু কৰ্কপিক্ট ভইছ ৰেকডাৰ।

চুলুৰ বায়ুসেনা শিবিৰত থকা তেনে এখন হেলিকপ্টাৰতে ৱালিংৰ্টন অভিমুখে যাত্ৰা কৰিছিল চি ডি এছ বিপিন ৰাৱাটে। লক্ষ্যস্থানলৈ ১০মিনিটৰ বাট থকাৰ সময়তে দুৰ্ঘটনাত পতিত হৈছিল এই অত্যাধুনিক হেলিকপ্টাৰখন। এই হেলিকপ্টাৰখনত আছিল উইং কামাণ্ডাৰ পৃথ্বী সিং চৌহান। তেওঁ MI-17 V5 হেলিকপ্টাৰখনৰ পাইলট আছিল।

দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে উইং কামাণ্ডাৰ চৌহানেও। তেওঁ চুলুৰত থকা বায়ুসেনা শিবিৰৰ ১০৯জন হেলিকপ্টাৰ স্কোৱাডৰ কামাণ্ডিং অফিচাৰো আছিল। এতিয়া সন্দেহ হৈছে এয়া যান্ত্ৰিক বিজুতি নে আন কিবা! দেশৰ সেনাৰ সৰ্বাধিনায়কগৰাকী যাত্ৰা কৰা প্ৰাকমূৰ্হুতত নিসন্দেহে এই হেলিকপ্টাৰখনৰ সকলো কাৰিকৰী দিশ পৰীক্ষা কৰা হৈছিল। তেনেস্থলত কেনেদৰে এই দুৰ্ঘটনা সংঘটিত হবলৈ পালে সেয়া এক ডাঙৰ প্ৰশ্ন হৈ ৰৈছে।

ইতিমধ্যে বায়ুসেনাই এই ঘটনাৰ সন্দৰ্ভত এক তদন্তৰ নিৰ্দেশ জাৰি কৰিছে। এই হেলিকপ্টাৰখনত উইং কামাণ্ডাৰ চৌহানৰ সৈতে সহ পাইলট হিচাপে আছিল স্কোৱাডন লীডাৰ কে সিং। হেলিকপ্টাৰ খনত চাৰিগৰাকী ক্ৰু মেম্বাৰ আছিল। পুৱা ১১.৪৭বজাত ৱাৰ্লিংটন অভিমুখে উৰা মাৰিছিল হেলিকপ্টাৰখনে।

হেলিকপ্টাৰখনত থকা আন যাত্ৰীসকল আছিল- বিপিন ৰাৱাট, তেওঁৰ পত্নী মল্লিকা ৰাৱাট, গ্ৰুপ কেপ্টেইন বৰুণ সিং, চি ডি এছ ডিফেন্স এচিচটেন্ট ব্ৰিগেডিয়াৰ এল এছ লীডাৰ, লেফেন্টনেল কৰ্নেল হজেন্দৰ সিং, পাঁচজন NCO কামাণ্ডাৰ, হাবিলদাৰ চটপাল ৰায়, নায়ক জিতেন্দ্ৰ কুমাৰ, লেন্স নায়ক বিবেক কুমাৰ, লেন্সনায়ক বি চাইক। হেলিকপ্টাৰখনে ৱাৰ্লিংটন পোৱাৰ কথা আছিল ১২.২০বজাত।

স্থানীয় সময়মতে, দিনৰ ১২.১০বজাত হেলিকপ্টাৰ খন দুৰ্ঘটনাত পতিত হয়। এখন ব্যক্তিগত চাহ বাগানৰ সমীপত ভূুপতিত হয় হেলিকপ্টাৰখন। বান্দী চুলা পঞ্চায়তৰ কাটাৰী নাংচা পাঞ্চাতাম নামৰ স্থানত। হেলিকপ্টাৰখন প্ৰথমে তললৈ নামি আহি এজোপা গছত খুন্দা মাৰিছিল। প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে মতে তাৰ পাছতেই কেইবাটাও টুুকুৰাত ভাগি পৰা হেলিকপ্টাৰখন এক অগ্নিপিণ্ড হৈ পৰিছিল।

সেই অঞ্চলত থকা স্থানীয়লোকে পানীমাৰি হেলিকপ্টাৰখনৰ জুই নুমুৱাবলৈ চেষ্টা কৰিছিল যদিও সফল হোৱা নাছিল। দিনৰ ১২.২৫বজাৰ পৰা দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনৰ আৰোহীসকলক উদ্ধাৰৰ বাবে চেষ্টা চলিছিল। কিন্তু দুভাৰ্গ্যজনকভাৱে গ্ৰুপ কেপ্তেইন বৰুণ সিঙৰ বাদে চি ডি এছ বিপিন ৰাৱাটকে ধৰি আটাইকেইজন হেলিকপ্টাৰ আৰোহীৰে মৃত্যু হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in