নৌসেনা সক্ৰিয় হোৱা হ'লে চাৰি টুকুৰ হ'ল হয় পাকিস্তান !

অপাৰেচন সিন্দূৰৰ পিছত শুকুৰবাৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী উপস্থিত হয়গৈ গোৱাত থকা আই এন এছ বিক্ৰান্তত। এই সময়ত তেওঁ যুদ্ধজাহাজখনৰ প্ৰস্তুতি পৰিদৰ্শন কৰে। 

author-image
Tushar Pratim
New Update
নৌসেনা সক্ৰিয় হোৱা হ'লে চাৰি টুকুৰ হ'ল হয় পাকিস্তান !

ডিজিটেল ডেস্কঃ ভাৰতৰ নৌসেনা সক্ৰিয় হ’লে পাকিস্তানক চাৰি ভাগত ভাগ কৰিব পাৰিব ভাৰতে। এই হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ। সম্পূৰ্ণ থলুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰা আই এন এছ বিক্ৰান্তৰ কথা উল্লেখ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, ১৯৭১ চনত ভাৰতীয় নৌসেনাই পাকিস্তানক দুটা ভাগত ভাগ কৰিছিল। 

Advertisment

উল্লেখ্য যে, শুকুৰবাৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী উপস্থিত হয়গৈ গোৱাত থকা আই এন এছ বিক্ৰান্তত। এই সময়ত তেওঁ যুদ্ধজাহাজখনৰ প্ৰস্তুতি পৰিদৰ্শন কৰে। 

ইয়াতেই তেওঁ ভাৰতীয় নৌসেনাৰ শত্ৰুক বাধা দিয়াৰ ক্ষমতাকো অতিশয় প্ৰশংসা কৰে। যুদ্ধজাহাজখনত থিয় হৈ ৰাজনাথ সিঙে কয়, "১৯৭১ চনত যেতিয়া ভাৰতীয় নৌসেনাই সক্ৰিয় হৈছিল তেতিয়াই পাকিস্তানক দুটা ভাগত বিভক্ত কৰা হৈছিল। যদি ভাৰতীয় নৌসেনয়ো অপাৰেচন সিন্দূৰত সক্ৰিয় হ’ল হয় তেন্তে তেন্তে পাকিস্তান দুটুকুৰ হোৱাই নহয় বৰঞ্চ চাৰি ভাগত বিভক্ত হ'লহেঁতেন।"

ৰাজনাথে অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতীয় নৌসেনাৰ নীৰৱতাৰেই যি ভূমিকা পালন কৰিলে সেই ভূমিকাকো প্ৰশংসা কৰে। তেওঁৰ মতে, অপাৰেচন সিন্দূৰৰ সময়ত নীৰৱ হৈ থাকিলেও পাকিস্তান সেনাক নৌসেনাই সঠিকভাৱেই বাধা দিছিল। 

তেওঁ কয়, ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰাৰ সময়ত নৌসেনা সাগৰত সষ্টম হৈ আছিল। সেই বাবেই পাকিস্তানী যুদ্ধ জাহাজ নিজৰ বন্দৰতে আবদ্ধ হৈ আছিল। ভাৰতৰ নৌসেনাৰ ভয়ত পাকিস্তানে সাগৰলৈ আগবাঢ়ি আহিব নোৱাৰিলে।" প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে অপাৰেচন সিন্দূৰৰ সময়ত নৌসেনাই সাহস প্ৰদৰ্শন নকৰা বিষয়টো পাকিস্তানৰ বাবে সৌভাগ্যৰ কথা।

মন কৰিবলগীয়া যে অপাৰেচন সিন্দূৰৰ সময়ত কৰাছি বন্দৰ ধ্বংস কৰিবলৈ সাজু হৈছিল ভাৰতৰ ‘আই এন এছ বিক্ৰান্ত’। আই এন এছ বিক্ৰান্তকে ধৰি মুঠ ৩৬খন যুদ্ধ জাহাজ যোৱা ৮ মে’ৰ নিশাৰ এন্ধাৰত আৰব সাগৰত প্ৰৱেশ কৰিছিল।

তেওঁলোকৰ লক্ষ্য স্পষ্ট আছিল। সাগৰ পথেৰে হ’ব পৰা সকলো আক্ৰমণৰ প্ৰতি তীব্ৰ সঁহাৰি দিয়া। কেৱল সেয়াই নহয়, পাকিস্তানৰ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই কৰাচী বন্দৰত পোনপটীয়াকৈ আক্ৰমণ কৰাৰ পৰিকল্পনাও আছিল ভাৰতৰ। 

অপেক্ষা আছিল কেৱল চৰকাৰী আদেশলৈ। অৱশ্যে নৌ সেনাই তেনে কোনো আদেশ লাভ নকৰিলে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি আগন্তুক সময়ৰ বাবে নৌসেনাক সাজু হৈ থাকিবলৈ আহ্বান জনাইছে। 

ৰাজনাথ সিং ভাৰতীয় নৌসেনা নৌসেনা