অভিযন্তাই ঘৰৰ খিৰিকীৰে দলিয়াইছে টকাৰ বাণ্ডিলঃ বাহিৰত ভিৰ কৰিছে ভিজিলেন্সৰ দলে...

অভিযান চলাবলৈ গৈ টকাৰ পাহাৰ দেখি হতভম্ব ভিজিলেন্সৰ দল । এজন চৰকাৰী অভিযন্তাৰ ঘৰত যে, ইমান সুন্দৰকৈ টকাৰ বাণ্ডিল সজাই থ’ব সেয়া আছিল তেওঁলোকৰ কল্পনাৰো অগোচৰ। 

author-image
Tushar Pratim
New Update
অভিযন্তাই ঘৰৰ খিৰিকীৰে দলিয়াইছে টকাৰ বাণ্ডিলঃ বাহিৰত ভিৰ কৰিছে ভিজিলেন্সৰ দলে...

ডিজিটেল ডেস্কঃ তালাচী অভিযান চলাবলৈ গৈ মেলা মুখ মেল খায়েই থাকিলে ভিজিলেন্সৰ অভিযানকাৰী দলৰ। টকাৰ পাহাৰ দেখি হতভম্ব সকলো। এজন চৰকাৰী অভিযন্তাৰ ঘৰত যে, ইমান সুন্দৰকৈ টকাৰ বাণ্ডিল সজাই থ’ব সেয়া আছিল তেওঁলোকৰ কল্পনাৰো অগোচৰ। 

Advertisment

ঘটনা ওড়িষ্যাৰ। ৰাজ্যখনৰ গ্ৰামোন্নয়ন বিভাগৰ মুখ্য অভিযন্তা বৈকুণ্ঠনাথ সাৰংগীৰ ঘৰত চলিছিল ভিজিলেন্সৰ তালাচী অভিযান। তেওঁৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি উত্থাপন হৈ আহিছিল আয়তকৈ অধিক সম্পত্তিৰ অভিযোগ। 

সেই অভিযোগৰ ভিত্তিতে ভিজিলেন্সে আৰম্ভ কৰে তদন্ত। সেই তদন্তৰ সময়তে তেওঁৰ বাসগৃহত ভিজিলেন্সৰ দলটোৱে উদ্ধাৰ কৰে ৫০০ টকীয়া নোটৰ বাণ্ডিলৰ এক পাহাৰ। 

ইফালে জানিব পৰা মতে ভিজিলেন্সৰ দলটো তেওঁৰ ঘৰত গৈ উপস্থিত হোৱাৰ পিছতেই তেওঁ ৰক্ষা পাবলৈ ঘৰৰ ভিতৰৰ সেই টকাৰ বাণ্ডিলবোৰ ৰাস্তালৈ দলিয়াই দিবলৈ আৰম্ভ কৰে। 

অভিযন্তাৰ ঘৰৰ ভিতৰৰ পৰা এইদৰে ৫০০ টকীয়া নোটৰ বাণ্ডিল পথলৈ দলিয়াই দিয়া দৃশ্য দেখি হতভম্ব হৈ পৰে স্থানীয় লোকসকলো। লগে লগে সৃষ্টি হয় এক হুলস্থুলীয়া পৰিবেশৰ। 

ভিজিলেন্স সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি বৈকুণ্ঠনাথ সাৰংগীৰ ঘৰৰ পৰা নগদ ২ কোটি টকা উদ্ধাৰ কৰা হৈছে। এই ধন হিচাপ কৰিবলৈ তেওঁলোকে আনিবলগীয়া হৈছিল টকা হিচাপ কৰা মেচিনো। 

এজন তদন্তকাৰী বিষয়াই জনোৱা অনুসৰি, "তালাচী অভিযান আৰম্ভ হোৱাৰ লগে লগে অভিযন্তাজনে নিজৰ ঘৰৰ খিৰিকীৰে পথলৈ টকা দলিয়াবলৈ ধৰিছিল। এতিয়ালৈকে তেওঁৰ ঘৰৰ পৰা দুই কোটি টকা নগদ ধন উদ্ধাৰ কৰা হৈছে।" 

অভিযন্তাজনৰ ভূৱনেশ্বৰৰ বাসগৃহৰ উপৰিও তেওঁৰ আন সাতটা ঠিকনাতো চলিছে অভিযান। জানিব পৰা মতে তেওঁৰ ভূৱনেশ্বৰ, আংগুল, আৰু পিপিলী (পুৰী)ৰ মুঠ ৭টা স্থানত অনুসন্ধান অব্যাহত আছে। 

ভূৱনেশ্বৰৰ ঘৰৰ পৰা জব্দ কৰা হৈছে নগদ এক কোটি টকা। আংগুল জিলাৰ আন এটা ঘৰৰ পৰা এক কোটিতকৈ অধিক নগদ ধন উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ কৰা এই ধনৰ পৰিমাণ আৰু বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। 

শুকুৰবাৰে পুৱা ৮ জন আৰক্ষী উপ অধীক্ষক, ১২ জন পৰিদৰ্শক, ৬ জন সহকাৰী উপ-পৰিদৰ্শক আৰু ভিজিলেন্স বিভাগৰ আন কেইবাজনো প্ৰশাসনিক বিষয়াই অভিযন্তাজনৰ ঘৰত তালাচী চলাইছে। আংগুলৰ ভিজিলেন্স কোৰ্টৰ ন্যায়াধীশৰ নিৰ্দেশত এই তালাচী অভিযান চলোৱা হৈছে।

ভিজিলেন্সৰ সূত্ৰ অনুসৰি অভিযন্তাজনৰ আংগুলত দুমহলীয়া ঘৰ, ভূৱনেশ্বৰত এটা ফ্লেট, আৰু পুৰিৰ ছিউলাত আন এটা ফ্লেট আছে। তাৰোপৰি অভিযন্তাজনৰ আংগুলৰ আত্মীয়ৰ ঘৰ, তেওঁৰ পূৰ্বপুৰুষৰ ঘৰ, আৰু তেওঁৰ কাৰ্যালয়তো তালাচী চলোৱা হৈছে। জানিব পৰা মতে অভিযন্তাগৰাকীৰ সম্পত্তিৰ পৰিমাণ প্ৰকৃততে কিমান সেয়াও এতিয়াও স্পষ্ট হোৱা নাই।

উৰিষ্যা