/asomiyapratidin/media/media_files/2025/05/31/U8q6vG3Dfna86AW7380d.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলা সচেতন নাগৰিক মঞ্চৰ তদৰ্থ সমিতি আৰু লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ যৌথ আহ্বানত শুকুৰবাৰে দুপৰীয়া ১২ বজাত ধেমাজি প্ৰেছ ক্লাৱত এখনি সভা অনুষ্ঠিত হয়৷ধেমাজি সচেতন নাগৰিক মঞ্চৰ তদৰ্থ সমিতিৰ প্ৰচাৰ সম্পাদকে আঁতধৰা সভাখনত জিলা দুখনৰ উন্নয়নৰ দিশত হোৱা বৈষম্যতা আৰু প্ৰৱঞ্চনাৰ সম্পৰ্কে আলোচনা কৰা হয়।
তাৰোপৰি ধেমাজি আৰু লখিমপুৰ জিলা দুখনত মানৱ সম্পদৰ বিজ্ঞানসন্মত ব্যৱহাৰ, শৈক্ষিক সমস্যাৰ লগতে জিলা দুখনৰ কৃষি খণ্ডক লাভজনক উদ্যোগলৈ ৰূপান্তৰ কৰা বিষয়কলৈয়ো আলোচনা কৰা হয়৷ সভাত লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ সভাপতি ৰেৱত চন্দ্ৰ গগৈ আৰু সাধাৰণ সম্পাদক মহম্মদ ছাজাদ হাজৰিকা, ধেমাজি জিলা সচেতন নাগৰিক মঞ্চৰ তদৰ্থ সমিতিৰ সভাপতি নীলাম্বৰ দত্ত, কাৰ্য্যকৰী সভাপতি ৰবি গগৈ, সাধাৰণ সম্পাদক দিলীপ কুমাৰ হাজৰিক, প্ৰচাৰ আৰু জিলাৰ সমন্বয়ক অশ্বিনী কুমাৰ দুৱৰা উপস্থিত থাকি বক্তব্য প্ৰদান কৰে৷
সভাত দুয়োখন জিলা সমিতিয়ে আগন্তুক দিনত জিলা দুখনৰ জলন্ত সমস্যাসমূহৰ সপক্ষে থিয় দিয়াৰ অংগীকাৰ কৰে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us