/asomiyapratidin/media/media_files/2025/05/30/O4F48hUtkqwyK5zmRtuZ.jpg)
২৫ বিত্তীয় বৰ্ষত ৮৩.৭% লৈ বৃদ্ধি
ডিজিটেল ডেস্কঃ ইউনিফাইড পেমেণ্টছ ইন্টাৰফেছে (ইউপিআই) ভাৰতৰ ডিজিটেল পেমেণ্টৰ ক্ষেত্ৰত নিজৰ অগ্ৰগতি শক্তিশালী কৰি ২০২৫ বিত্তীয় বৰ্ষত মুঠ লেনদেনৰ পৰিমাণৰ ৮৩.৭% লৈ বৃদ্ধি কৰিছে। যোৱাটো বিত্তীয় বৰ্ষত ইয়াৰ পৰিমাণ আছিল ৭৯.৭% আছিল। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এই সপ্তাহত প্ৰকাশ পোৱা শেহতীয়া বাৰ্ষিক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।
এই প্ৰতিবেদন অনুসৰি, ইউপিআইয়ে ১৮৫.৮ বিলিয়ন লেনদেন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। আনহাতে লেনদেনৰ মূল্যও ২৬১ ট্ৰিলিয়নলৈ বৃদ্ধি পাইছে, যিটো বিত্তীয় বৰ্ষ ২৪ত ২০০ ট্ৰিলিয়ন আছিল। সামগ্ৰিকভাৱে ভাৰতত পেমেণ্ট চিষ্টেম, কাৰ্ড নেটৱৰ্ক আৰু প্ৰিপেইড পেমেণ্ট ইনষ্ট্ৰুমেণ্ট (পিপিআই)ৰ জৰিয়তে লেনদেনকে ধৰি ডিজিটেল পেমেণ্ট ২৪ বিত্তীয় বৰ্ষত ১৬৪.৪ বিলিয়নৰ পৰা ২৫% বৃদ্ধি পাই ২২১.৯ বিলিয়ন হৈছে। মূল্যৰ হিচাপত মুঠ ডিজিটেল পেমেণ্ট ১৭.৯৭% বৃদ্ধি পাই ২,৮৬২ ট্ৰিলিয়ন হৈছে। ইফালে ক্ৰেডিট কাৰ্ডৰ লেনদেন ২৪ বিত্তীয় বৰ্ষত ৩.৫ বিলিয়নৰ পৰা ২৫ বিত্তীয় বৰ্ষত ৪.৭ বিলিয়নলৈ বৃদ্ধি পাইছে, আনহাতে ডেবিট কাৰ্ডৰ ব্যৱহাৰ ২৯.৫% তীব্ৰভাৱে হ্ৰাস পাই ১.৬ বিলিয়ন লেনদেন হৈছে।
ইফালে, আন্তঃৰাষ্ট্ৰীয় সম্প্ৰসাৰণৰ সন্দৰ্ভত আৰ বি আইয়ে ২০২৮–২৯ চনৰ ভিতৰত ২০খন দেশলৈ ইউ পি আই সম্প্ৰসাৰণৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে। ভাৰতীয় ইউপিআই এপসমূহ ইতিমধ্যে ভূটান, ফ্ৰান্স, মৰিচাছ, নেপাল, ছিংগাপুৰ, শ্ৰীলংকা, আৰু ইউএইত কিউআৰ ক’ডৰ জৰিয়তে গ্ৰহণ কৰা হৈছে, যাৰ ফলত ভাৰতীয় পৰ্যটক, ছাত্ৰ, আৰু ব্যৱসায়িক ভ্ৰমণকাৰীসকলে তেওঁলোকৰ ঘৰুৱা ইউপিআই এপ ব্যৱহাৰ কৰি ব্যৱসায়ী পেমেণ্ট কৰিব পাৰে।