/asomiyapratidin/media/media_files/2025/05/31/I5qkqEklOz3Na9MvnJDn.jpg)
ডিজিটেল ডেস্কঃ আই পি এলৰ সূচী অনুসৰি যদিও ৩০ মে’ৰ মুম্বাই ইণ্ডিয়ানছ আৰু গুজৰাট টাইটানছৰ মাজৰ মেচখন যদিও প্ৰথমখন এলিমিনেটৰ আছিল, দৰাচলতে এয়া আছিল দুটা প্ৰজন্মৰ মাজৰ শ্ৰেষ্ঠত্বৰ যুঁজ। এই শ্ৰেষ্ঠত্বৰ যুঁজত অৱশ্যেই বিজয়ীৰ হাঁহি মাৰিলে অভিজ্ঞতাই।
যোৱা কেইটামান দিনৰ পূৰ্বে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে ৰোহিত শৰ্মাই। তেওঁৰ স্থানত অধিনায়ক হিচাপে দায়িত্ব লাভ কৰিছে শুভমণ গীলে। সেয়ে ৩০ মে’ৰ আই পি এলৰ মেচখন কেৱল এলিমিনেটৰেই নাছিল, আছিল দুটা প্ৰজন্মৰ মাজৰো যুঁজ।
সেয়ে স্বাভাৱিকতে মেচখনৰ প্ৰতি বৃদ্ধি পাইছিল অনুৰাগীৰ আকৰ্ষণ। এফালে অভিজ্ঞতা আনফালে তৰুণ প্ৰতিভা। অভিজ্ঞতা আৰু প্ৰতিভাৰ সংমিশ্ৰণত এই এলিমিনেটৰ মেচখন হৈ পৰিল সৰ্বাংগ সুন্দৰ আৰু উপভোগ্য। মুম্বাইৰ হৈ অভিজ্ঞ ৰোহিত শৰ্মাই ৫০ টা বলত ৮১ ৰাণৰ বিস্ফোৰক ইনিংছ উপহাৰ দিয়াৰ দৰেই গুজৰাটৰ হৈ তৰুণ ছাই সুদৰ্শনে ৪৯ টা বলত খেলিলে ৮০ ৰাণৰ আন এক বিস্ফোৰক ইনিংছ।
গুজৰাটৰ হৈ প্ৰসিদ্ধ কৃষ্ণ, ছাই কিশোৰৰ দৰে তৰুণ বলাৰে যিদৰে তেওঁলোকৰ দক্ষতাক পুনৰ এবাৰ প্ৰমাণ কৰিলে সেইদৰেই মুম্বাইৰ বিশ্ব শ্ৰেষ্ঠ যশপ্ৰীত বুমৰাহ, ট্ৰেণ্ট ব’ল্ট, ছেণ্টনাৰেও তেওঁলোকৰ অভিজ্ঞতাক সুন্দৰকৈ ব্যৱহাৰ কৰিছে। মুঠৰ ওপৰত এই মেচখন যেন সাধাৰণ এলিমিনেটৰ মেচ যে নাছিল সেয়া অতি স্পষ্ট।
মেচখনৰ টছত জয়ী হৈ মুম্বাইৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। তাৰ পিছতেই ক্ৰিজত আৰম্ভ হয় ‘দ্য হিটমেন শ্ব’। মেচখনত প্ৰথমে ৩ ৰাণত আৰু তাৰ পিছত ১২ ৰাণত দুবাৰকৈ জীৱন পোৱাৰ পিছত ৰোহিতৰ বেটৰ আহে ৪ টা ছয়, ৯ টা চাৰিৰ সৈতে বিস্ফোৰক অৰ্ধশতকীয় ইনিংছ।
ৰোহিতৰ সৈতে অপেনিং কৰিবলৈ অহা জনী বেয়াৰষ্ট্ৰ’ৱেও ২২ বলত খেলে ৪৭ ৰাণৰ এক দৰ্শনীয় ইনিংছ। সূৰ্য কুমাৰৰ বেটৰ পৰা আহে ২০ টা বলত ৩৩ ৰাণ। তাৰোপৰি তিলক বৰ্মাই ১১ বলত ২৫, হাৰ্দিক পাণ্ডিয়াই ৯ বলত ২২ ৰাণ কৰে। নমনধীৰৰ বেটৰ পৰা আহে ৯ ৰাণ। গুজৰাটৰ হৈ প্ৰসিদ্ধ কৃষ্ণই ২ টা, ছাই কিশোৰে ২ টা আৰু মহম্মদ ছিৰাজে এটা উইকেট লাভ কৰে।
তাৰ পিছত নিৰ্ধাৰিত ২২৯ ৰাণৰ লক্ষ্য আগত লৈ খেল পথাৰত নামে গুজৰাট টাইটানছ। ব্যৰ্থ হয় অধিনায়ক শুভমণ গীল। মাত্ৰ ১ ৰাণতে উভতি যায় পেভিলয়নলৈ। অৱশ্যে ধাৰাবাহিকতা ৰক্ষা কৰি পুনৰ দলটোৰ ত্ৰাণ কৰ্তা হিচাপে থিয় দিয়ে ছাই সুদৰ্শনে।
ৰোহিতৰ বিকল্প হিচাপে ভাৰতীয় টেষ্ট দলত স্থান দিয়া এইগৰাকী তৰুণ ক্ৰিকেটাৰে যেন ৰোহিতকেই অনুসৰণ কৰিলে। ৪৯ বলত ১০ চাৰি আৰু এটা ছয়ৰ সৈতে ৮০ ৰাণৰ ইনিংছ খেলে। কুশল মেণ্ডিছৰ বেটৰ পৰা আহে ২০ ৰাণ। ৱাশ্বিংটন সুন্দৰেও যুঁজ দিয়ে যদিও ২৪ বলত ৪৮ ৰাণতে তেওঁৰ ইনিংছ অন্ত পৰে।
তাৰ পিছত ৰাদাৰফৰ্ডে ২৪, ৰাহুল টেৱটিয়াই ১৬ আৰু শ্বাহৰুখ খানে ১৩ ৰাণ কৰে। নিৰ্ধাৰিত লক্ষ্য অনুসৰণ কৰি দলটো ২০ অভাৰত ২০৮ ৰাণতে স্তব্ধ হয়। ফলত ২০ ৰাণত জয়ী হৈ মুম্বাই ইণ্ডিয়ানছ দ্বিতীয়খন এলিমিনেটৰৰ দিশে আগবাঢ়ে।