১৯৫৫ ৰ পৰা ১৯৮৬ চনলৈ দিল্লীৰ গণৰাজ্য দিৱস, ৰাষ্ট্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰা বড়ো শিল্পীক সম্বৰ্ধনা

নতুন দিল্লীত ১৯৫৫ চনৰ পৰা ১৯৮৬ চনৰ ভিতৰত অনুষ্ঠিত গণৰাজ্য দিৱস, আন ৰাষ্ট্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰা বড়ো নৃত্য শিল্পী আৰু বাদ্যযন্ত্ৰীলৈ বিশেষ সম্বৰ্ধনা বিটিচি চৰকাৰj।

author-image
Tushar Pratim
New Update
১৯৫৫ ৰ পৰা ১৯৮৬ চনলৈ দিল্লীৰ গণৰাজ্য দিৱস, ৰাষ্ট্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰা বড়ো শিল্পীক সম্বৰ্ধনা 

ডিজিটেল সংবাদ কোকৰাঝাৰঃ দেশৰ ৰাজধানী নতুন দিল্লীত ১৯৫৫ চনৰ পৰা ১৯৮৬ চনৰ ভিতৰত অনুষ্ঠিত গণৰাজ্য দিৱসৰ লগতে আন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা বড়ো নৃত্য শিল্পী আৰু বাদ্যযন্ত্ৰীলৈ বিশেষ সম্বৰ্ধনা জনায় বিটিচি চৰকাৰে। বিটিচি চৰকাৰ, দুলাৰায় বড়ো হাৰিমু আফাট আৰু বিটিআৰ ৰেডিঅ'-টেলিভিচন আৰ্টিষ্টৰ উদ্যোগত শুকুৰবাৰে কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা এক সম্বৰ্ধনা অনুষ্ঠানত মুঠ ১৬৫ গৰাকী বড়ো নৃত্য শিল্পী আৰু বাদ্যযন্ত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷

Advertisment

উল্লেখ্য যে দেশৰ ৰাজধানী নতুন দিল্লীত ১৯৫৫ চনৰ পৰা ১৯৮৬ চনৰ ভিতৰত অনুষ্ঠিত গণৰাজ্য দিৱসৰ লগতে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ অনুষ্ঠানত বড়ো জনগোষ্ঠীৰ চহকী আৰু আকৰ্ষণীয় নৃত্য-গীতক প্ৰদৰ্শন কৰা শিল্পীসকলক বিটিচি পৰিষদীয় চৰকাৰৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। আজিৰ সম্বৰ্ধনা অনুষ্ঠানত প্ৰতিগৰাকী শিল্পীলৈ ৫০ হাজাৰ টকাৰ চেক, আৰ’ণাই, মানপত্ৰ আৰু স্মাৰকেৰে সম্বৰ্ধনা জনোৱা হয়৷ 

১৯৫৫ ৰ পৰা ১৯৮৬ চনলৈ দিল্লীৰ গণৰাজ্য দিৱস, ৰাষ্ট্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰা বড়ো শিল্পীক সম্বৰ্ধনা 

উক্ত কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত থকাৰ লগতে বিটিচিৰ মুখ্য কাৰ্য্যৱাহী সদস্য প্ৰমোদ বড়ো, বিধায়ক লৰেঞ্চ ইছলাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী, লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী আদিকে ধৰি আন বহু বিশিষ্ট ব্যক্তিসকল অংশগ্ৰহণ কৰে। 

ইপিনে অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাসে কয় যে, শিল্পীক এনেদৰে সন্মান দিয়াটো প্ৰমোদ বড়ো চৰকাৰৰ প্ৰশংসনীয় কাৰ্য বুলি অভিহিত কৰি আন স্বায়ত্বশাসিত পৰিষদসমূহেও অনুকৰণ কৰা উচিত বুলি মন্তব্য কৰিছে। শান্তি প্ৰতিষ্ঠাৰ পিছত উন্নয়ন হৈছে আৰু উন্নয়নৰ সমান্তৰালভাৱে সামাজিক সাংস্কৃতিক ক্ষেত্ৰতো প্ৰমোদ বড়ো চৰকাৰে প্ৰশংসনীয় কাম কৰিছে বুলি মন্তব্য কৰি ৰঞ্জিত দাসে শিক্ষা-সাহিত্য-সংস্কৃতি উল্লেখনীয় কামৰ বাবে প্ৰমোদ বড়োক প্ৰশংসা কৰে। 

১৯৫৫ ৰ পৰা ১৯৮৬ চনলৈ দিল্লীৰ গণৰাজ্য দিৱস, ৰাষ্ট্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰা বড়ো শিল্পীক সম্বৰ্ধনা 

আনহাতে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে সংবাদ মাধ্যমৰ আগত কয় যে, ১৯৫৫ চনৰ পৰা ১৯৮৬ চনৰ ভিতৰত অনুষ্ঠিত গণৰাজ্য দিৱসৰ লগতে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ অনুষ্ঠানত বড়ো জনগোষ্ঠীৰ চহকী আৰু আকৰ্ষণীয় নৃত্য-গীতক প্ৰদৰ্শন কৰা শিল্পীসকলক বিটিচি পৰিষদীয় চৰকাৰৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হ'ল আৰু তেওঁলোকৰ ইতিহাস লিপিবদ্ধ কৰা হ'ল। তেওঁলোকে বহু কষ্ট কৰি বড়ো নৃত্যগীতক বিশ্ব দৰবাৰলৈ নিয়াৰ প্ৰচেষ্ঠা কৰিছিল আৰু দেই ত্যাগক সন্মান দিওঁতে অলপ পলম হ'ল বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে। 

তেওঁ কয়, সেই কমিটিসমূহ পুনৰ্জীৱিত কৰা হ'ব আৰু সেই কমিটিসমুহক ৫ লাখকৈ টকা দিয়া হ'ব।আজিৰ অনুষ্ঠানত ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিটিচি বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো, ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী, লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে ৰঞ্জিত বসুমতাৰী, ছাইখং বসুমতাৰী, বড়ো সাহিত্য সভাৰ সভাপতি সুৰথ নাৰ্জাৰী, এবছুৰ উপসভাপতি খৌৰৌমদাও ওৱাৰী, বিধায়ক ক্ৰমে লৰেঞ্চ ইছলাৰী,  জিৰণ বসুমতাৰী আদিকে ধৰি আন বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

প্ৰমোদ বড়ো কোকৰাঝাৰ