পাটনাত বৈভৱ সূৰ্যবংশীক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে...

আই পি এল-২০২৫ ত ভাৰতীয় ক্ৰিকেটৰ উদিত সূৰ্য হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা ৰাজস্থান ৰয়েলছৰ অপেনাৰ বৈভৱ সূৰ্যবংশীক সাক্ষাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।

author-image
Tushar Pratim
New Update
পাটনাত বৈভৱ সূৰ্যবংশীক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে...

ডিজিটেল ডেস্কঃ আই পি এল-২০২৫ ত ভাৰতীয় ক্ৰিকেটৰ উদিত সূৰ্য হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা ৰাজস্থান ৰয়েলছৰ অপেনাৰ বিহাৰৰ বৈভৱ সূৰ্যবংশী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাজৰ সাক্ষাতৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। মাত্ৰ ১৪ বছৰ বয়সতে আই পি এলত বিশ্ব ক্ৰিকেটাৰ মহা তাৰকাৰে সমৃদ্ধ দলৰ বিৰুদ্ধে শতক অৰ্জন কৰি চাঞ্চল্য সৃষ্টি কৰা বৈভৱে প্ৰধানমন্ত্ৰী মোডীৰ বিহাৰ ভ্ৰমণৰ সময়তে পাটনা বিমান বন্দৰত সাক্ষাৎ কৰে।

Advertisment

তাৰ পিছতে সেই সাক্ষাতৰ ফটো সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।তেওঁলোকৰ সাক্ষাতৰ সময়ত উপস্থিত আছিল বৈভৱৰ পিতৃ-মাতৃও। 

উল্লেখ্য যে, ইংলেণ্ড ভ্ৰমণৰ বাবে ঘোষিত ভাৰতৰ ১৯ বছৰ অনুৰ্ধ্ব দলৰ বাবে নিৰ্বাচিত হৈছে বৈভৱ সূৰ্য্যবংশী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ এক্স হেণ্ডেলত বৈভৱ সূৰ্য্যবংশীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ কথা উল্লেখ কৰিছে। পাটনা বিমানবন্দৰত বৈভৱক লগ পোৱা বুলি তেওঁ জনায়। 

বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে বৈভৱ সূৰ্য্যবংশীৰ ক্ৰিকেট দক্ষতাক অতি প্ৰশংসা কৰে। তেওঁ কয় যে বৈভৱ সমগ্ৰ দেশৰ বাবে এক প্ৰেৰণা। বৈভৱ সূৰ্য্যবংশী ইংলেণ্ড ভ্ৰমণলৈ যাবলৈ সাজু হৈছে। 

অহা ২৪ জুনৰ পৰা আৰম্ভ হ’ব ১৯ বছৰ অনুৰ্ধ্বৰ দলৰ ইংলেণ্ড ভ্ৰমণ। এই ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁক আগন্তুক প্ৰতিযোগিতা আৰু শৃংখলাত ভাল প্ৰদৰ্শনৰ বাবে শুভেচ্ছাও জনায়। 

উল্লেখ্য যে, ৰাজস্থান ৰয়েলছৰ হৈ বৈভৱে গুজৰাট টাইটানছৰ বিৰুদ্ধে এখন মেচত মাত্ৰ ৩৫ টা বলতে শতক অৰ্জন কৰি ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল। তেওঁ আই পি এলত দ্ৰুততাৰে শতক অৰ্জন কৰা ভাৰতীয় খেলুৱৈয়ে নহয়, টি-২০ ক্ৰিকেটত শতক অৰ্জন কৰা বিশ্বৰ আটাইতকৈ কনিষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হৈছে।  

আই পি এল বিহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী