/asomiyapratidin/media/media_files/2025/05/30/gO5sEnasRwTTryxFFVYk.jpg)
ডিজিটেল ডেস্কঃ শুকুৰবাৰে ওকেন্দ্ৰীয় তদন্তকাৰী সংস্থাইড়িশাত নিয়োজিত বলবৎকাৰী সঞ্চালকালয়ৰ উপ-সঞ্চালক চিন্তান ৰঘুবংশীক উৎকোচৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। বিষয়াগৰাকীৰ বিৰুদ্ধে ভুৱনেশ্বৰৰ ব্যৱসায়ীৰ পৰা ২০ লাখ টকা উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে।
বিষয়াসকলে জনোৱা মতে, ইডিৰ উপ-সঞ্চালক চিন্তান ৰঘুবংশীয়ে ধেংকনালৰ শিল খননৰ ব্যৱসায়ী ৰতিকান্ত ৰাউতৰ বিৰুদ্ধে ৰুজু হোৱা ইডি গোচৰত সকাহ পাবলৈ ৫ কোটি টকা দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে।ৰঘুবংশীয়ে ব্যৱসায়ী ৰাউতৰ পৰা উৎকোচৰ প্ৰথম কিস্তি সংগ্ৰহ কৰিবলৈ যোৱা বুলি চিবিআইয়ে তথ্য লাভ কৰা পিছতে অভিযান চলাই তেওঁক গ্ৰেপ্তাৰ কৰে।
চিবিআইয়ে দাখিল কৰা এফআইআৰ অনুসৰি চলিত বৰ্ষৰ মাৰ্চ মাহত ৰাউতক ভুৱনেশ্বৰৰ ইডি কাৰ্যালয়ত সোধা-পোছাৰ বাবে চিন্তান ৰঘুবংশীয়ে মাতি অনা বুলি সংস্থাটোক ৰাউতে অভিযোগ দিছিল। ৰঘুবংশীয়ে তেওঁক নিজৰ চেম্বাৰলৈ মাতি আনি গোচৰটোত সকাহ পাবলৈ ভগতি নামৰ এজন ব্যক্তিক লগ কৰিবলৈ কৈছিল।
তেতিয়াৰ পৰাই ভগতিয়ে তেওঁৰ সৈতে যোগাযোগত আছিল আৰু ফেচটাইমৰ জৰিয়তে তেওঁক ৰঘুবংশীক টকা দি বিষয়টো নিষ্পত্তি কৰিবলৈ হেঁচা দি আছিল। এফ আই আৰত অভিযোগ কৰা হৈছে যে, ২৭ মে’ত ভগতিয়ে ৰাউতক সাক্ষাৎ কৰি কয় যে ৰঘুবংশীয়ে তেওঁৰ চিকিৎসালয় জব্দ নকৰা তথা তেওঁক গ্ৰেপ্তাৰ নকৰা আৰু গোচৰ নিষ্পত্তি কৰাৰ বাবে ৫ কোটি টকা দাবী কৰিছিল।
বৃহৎ পৰিমাণৰ ধনৰ ব্যৱস্থা কৰিবলৈ ৰাউতে নিজৰ অক্ষমতা প্ৰকাশ কৰা পিছত ভগতিয়ে তেওঁক ৰঘুবংশীৰ লগত কথা পাতিবলৈ কয়। তেওঁ নিজৰ দাবী ২ কোটি টকালৈ হ্ৰাস কৰিছিল। ২০১৩ বেটচৰ আই আৰ এছ বিষয়া ৰঘুবংশীক অভিযানৰ সময়ত হাতে-লোটে ধৰা পৰাৰ অভিযোগ উঠিছে আৰু পিছত সোধা-পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছে।