/asomiyapratidin/media/media_files/2025/05/30/NXnZWZPWjArHrtjn0oIT.jpg)
ঐতিহাসিক
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰতিৰক্ষা সেৱাৰ ইতিহাসত সংযোজন হ'ল এক নতুন অধ্যায়ৰ। প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ পৰা ১৭ গৰাকী মহিলা কেডেটে স্নাতক ডিগ্ৰী লাভ কৰিছে। এই সকল মহিলা কেডেট এতিয়া পুৰুষৰ সৈতে কান্ধত কান্ধ মিলাই দেশৰ সেৱা আগবঢ়াবলৈ সাজু হৈছে।
বৃহস্পতিবাৰে এন ডি এৰ ১৪৮ সংখ্যক পাঠ্যক্ৰমৰ সমাৱৰ্তন অনুষ্ঠিত হয়। এই উপলক্ষে ৩০০ৰো অধিক পুৰুষ কেডেটৰ লগতে ১৭ গৰাকী মহিলা কেডেটকো ডিগ্ৰী প্ৰদান কৰা হয়। শুকুৰবাৰে কেডেটসকলৰ পিঅপিৰ আয়োজন কৰা হৈছে। এন ডি এ কমাণ্ডেণ্ট ভাইচ এডমিৰেল গুৰচৰণ সিঙে মহিলা কেডেটৰ এই কৃতিত্বক ঐতিহাসিক আখ্যা দিয়ে। তেওঁ উল্লেখ কৰে যে, "এই মহিলা কেডেটসকলে আদৰ্শ দাঙি ধৰিছে। মোৰ বিশ্বাস যে তেওঁলোক সকলোৱে আগন্তুক সময়ত প্ৰেৰণাদায়ক নেতা হ’ব।"
উল্লেখযোগ্য যে, ২০২১ চনত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত কেন্দ্ৰীয় লোকসেৱা আয়োগে মহিলাসকলক এন ডি এত প্ৰৱেশৰ অনুমতি প্ৰদান কৰে। ইয়াৰ পিছত ২০২২ চনত এন ডি এত প্ৰথমটো বেটচ যোগদান কৰে। এতিয়া দুবছৰীয়া কঠোৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত এই ১৭ গৰাকী মহিলা কেডেট দেশৰ তিনিওটা প্ৰতিৰক্ষা শাখা - সেনা, নৌসেনা আৰু বায়ুসেনাত বিষয়া হ’বলৈ সাজু হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us