নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী সামৰণি অনুষ্ঠান
নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী সামৰণি অনুষ্ঠান 
মুখ্য-পৃষ্ঠা

নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী সামৰণি অনুষ্ঠান

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁও জিলাৰ উচ্চ শিক্ষাৰ অন্যতম বাটকটীয়া ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ৰ মহাৰজত জয়ন্তী সামৰণি অনুষ্ঠানৰ বৰ্ণাঢ্য কাৰ্যসূচী শুক্ৰবাৰৰ পৰা অনুষ্ঠিত হৈছে। এক স্বৰ্ণিল শৈক্ষিক ইতিহাস বহন কৰি অহা নগাঁও মহাবিদ্যালয়ে বিগত সময়ত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্রীৰ জ্ঞান চক্ষু মুকলি কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, ১৯৪৪ চনত স্বাধীনতা সংগ্রামী মতিৰাম বৰাৰ লগতে নগঞা একাংশ জ্ঞানপিপাসু আৰু সমাজহিতৈষী ব্যক্তিৰ কষ্ট আৰু ত্যাগৰ বিনিময়ত প্ৰতিষ্ঠা লাভ কৰিছিল নগাঁও মহাবিদ্যালয়ে ৷

মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান উপলক্ষে পুৱা পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ পতাকা উত্তোলন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৷ ইয়াৰ পিছতে শ্বহীদ তৰ্পন কাৰ্যসূচী অনুষ্ঠিত হয় ৷

সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা, মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰা আৰু সাহিত্যাচাৰ্য মহিম বৰাৰ অনান্য সকলৰ প্ৰতি শ্ৰদ্ধা তৰ্পন কৰা হয় ৷ স্মৃতি তৰ্পন কাৰ্যসূচীত অসম কলেজ অধ্যক্ষ পৰিষদৰ সাধাৰণ সম্পাদক ড: ৰঞ্জন কুমাৰ কলিতা, অসম কলেজ শিক্ষক সংন্থাৰ সভাপতি ড° হিমাংশু মৰল , মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° শৰৎ বৰকটকী , পৰিচালনা সমিতিৰ সভাপতি শৰৎ দত্ত লগতে মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা,বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্র-ছাত্ৰী সকল উপস্থিত থাকে।