/asomiyapratidin/media/media_files/2025/06/01/bg92kfWwaGBsGlJIRTcN.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰ : নগাঁও, শোনিতপুৰ, বিশ্বনাথ আদিকে ধৰি বিভিন্ন জিলাত সন্ত্ৰাস সৃষ্টিকাৰী দুৰ্ধৰ্ষ পাঁচ ডকাইতক মাৰণাস্ৰসহ দেওবাৰে পুৱতি নিশা আৰক্ষীয়ে খেদি খেদি স্থানীয় ৰাইজৰ সহযোগত কলিয়াবৰৰ আমবাগান সমীপৱৰ্তী পূব লাইলুৰিত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ অতি জটিল অভিযানত গ্ৰেপ্তাৰ হোৱা ডকাইত পাঁচটা হ’ল ক্ৰমে- ৰূপহীহাটৰ হাতীপুখুৰী গাঁৱৰ জহিৰুল ইছলাম(৩৫) ,নগাঁও সদৰ থানাৰ অন্তৰ্গত শিয়ালমাৰীৰ চামিম আলি(৪০), ৰূপহীহাটৰ দক্ষিণ খাটোৱালৰ ওমৰ ফাৰুক(৩৪), ৰূপহীহাটৰ পূৱ লাইলুৰিৰ চাদেক আলি(৩০) আৰু বিশ্বনাথৰ জিলাৰ জিনজিয়াৰ অমিৰ হক(২৭) ।
জানিব পৰা মতে, শনিবাৰে নিশা বিশ্বনাথ জিলাৰ জিনজিনিয়া থানাৰ এলেকাধীন অঞ্চলৰ পৰা ইটাচালি বজাৰলৈ বুলি গৰু ক্ৰয়ৰ বাবে নিশাই ৰাওনা হোৱা ব্যৱসায়িক দল এটিৰ পৰা এ এছ ০২ ডি চি ৩৭৯৯ নম্বৰৰ টাটা যোদ্ধা ডি আই বাহনত অহা ডকাইতৰ দলটোৱে বাট আগচি লুট-পাত কৰি কলিয়াবৰ দিশে পলায়ন কৰে ৷ ডকাইটিৰ ঘটনা সম্পৰ্কত তৎমূহূৰ্ততে জিনজিনিয়া থানাৰ আৰক্ষী অবগত হৈ ডকাইত দলটোৰ পিছ লয় আৰু এই সন্দৰ্ভত কলিয়াবৰ আৰক্ষীক খবৰ দিয়ে ৷
আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ডকাইত দলটোৰ ম’বাইল ফোন ট্ৰেকিং কৰি সঠিক পথত পিছ লয় আৰু কলিয়াবৰৰ পূব লাইলুৰিত সন্মুখৰ পৰা আমবাগান থানাই আগভেটা দিয়ে। ইয়াৰ পাছতে পিছফালৰ পৰা কাৱৈমাৰীৰ আৰক্ষীয়ে ডকাইতৰ দলটোৰ গাড়ীখন আবদ্ধ কৰি লয় ।
সেই সময়ত ডকাইত দলটোৱে গাড়ীৰ পৰা নামি পলাবলৈ চেষ্টা চলাই যদিও আৰক্ষীৰ চিঞৰ শুনি স্থানীয় ৰাইজ ওলাই আহি ঘেৰি ধৰাত ডকাইতৰ দলটো আবদ্ধ হৈ ৰয় ৷ ডকাইতকেইটাৰ পৰা আৰক্ষীয়ে নগদ তেত্ৰিশ হাজাৰ টকা, চাৰি ৰাউণ্ড সজীৱ গুলীসহ নাইন এম এম পিষ্টল ম'বাইল ফোন, খুকুৰী আদিৰ লগতে ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা এ এছ ০২ ডি চি ৩৭৯৯ নম্বৰৰ টাটা যোদ্ধা ডি আই বাহনখনো কৰে ।
ৰাজ্যখনৰ ভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে অপৰাধমূলক কাৰ্যক্ৰমনিকাৰে সন্ত্ৰাস চলাই অহা ডকাইত দলটোৰ বিৰুদ্ধে সফলতাৰে অভিযান চলোৱা জিনজিনিয়া, আমবাগান আৰু কাৱৈমাৰী থানাৰ আৰক্ষীক ৰাইজে শলাগ লৈছে ৷ বিহালীৰ জিনজিয়াত কেইবাটিও সংঘটিত ডকাইতি কাণ্ডত এই দলটো জড়িত থকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।
মানুহৰ ঘৰৰ উপৰিও ৰাজপথত বিভিন্ন বাহনক আগচি ডকাইতি কৰা কাৰ্যতো জড়িত এইকেইটা ডকাইত। সম্প্ৰতি ডকাইতৰ দলটো গ্ৰেপ্তাৰ হোৱা বাতৰিত ৰাইজে স্বস্তিৰ নিশ্বাস এৰিছে ৷