ৰঙিয়াৰ বিশিষ্ট সমাজকৰ্মী হিতেশ তালুকদাৰৰ পৰলোকপ্ৰাপ্তি

ৰঙিয়াৰ বিশিষ্ট সমাজকৰ্মী তথা ধৰ্মপ্ৰাণ ব্যক্তি হিতেশ চন্দ্ৰ তালুকদাৰ (৬৫)ৰ দেওবাৰে পৰলোকপ্ৰাপ্তি ঘটে। দিনৰ ভাগত তেওঁ হঠাৎ অসুস্থ হৈ পৰাৰ পিছত মৃত্যু হয়।

author-image
Asomiya Pratidin
New Update
ৰঙিয়াৰ বিশিষ্ট সমাজকৰ্মী হিতেশ তালুকদাৰৰ পৰলোকপ্ৰাপ্তি

ৰঙিয়াৰ বিশিষ্ট সমাজকৰ্মী হিতেশ তালুকদাৰৰ পৰলোকপ্ৰাপ্তি

ডিজিটেল সংবাদ, ৰঙিয়া: ৰঙিয়াৰ বিশিষ্ট সমাজকৰ্মী তথা ধৰ্মপ্ৰাণ ব্যক্তি হিতেশ চন্দ্ৰ তালুকদাৰ (৬৫)ৰ দেওবাৰে পৰলোকপ্ৰাপ্তি ঘটে। দিনৰ ভাগত তেওঁ হঠাৎ অসুস্থ হৈ পৰাৰ পিছত মৃত্যু হয়। বাৰাংহাটী গাঁৱত পিতৃ প্ৰয়াত সহিৰাম তালুকদাৰ আৰু মাতৃ প্ৰয়াত মইনা তালুকদাৰৰ ঔৰসত জন্মগ্ৰহণ কৰা হিতেশ চন্দ্ৰ তালুকদাৰে চনমাগুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাজীৱন আৰম্ভ কৰি পিছত বি এচছি পুঠিমাৰী কলেজত সাং কৰে। 

Advertisment

তেওঁ এজন সৰল আৰু মৃদুভাষী ব্যক্তি হিচাপে সকলোৰে মৰমৰ আছিল। ৰঙিয়া জিলা কোচ-ৰাজবংশী সন্মিলনীৰ বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰাৰ লগতে লক্ষ্মী মন্দিৰ, বিষ্ণু মন্দিৰ আৰু অন্যান্য ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে তেওঁ সক্ৰিয়ভাৱে জড়িত আছিল। বিদ্যুৎ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তালুকদাৰ কৰ্মৰত কাৰ্যকালত সৎ আৰু কৰ্মনিষ্ঠাৰে পৰিচিত আছিল। 

তেওঁৰ বিয়োগত ৰঙিয়া শিৱ মন্দিৰ, দুৰ্গা পূজা মন্দিৰ, গোপাল গোসাঁইৰ নামঘৰ, লক্ষ্মী মন্দিৰ,দৌল মন্দিৰ,মধুকুছি দুৰ্গা পূজা মন্দিৰ, মধুকুছি গোপাল গোসাঁই থানকে ধৰি শান্তিপুৰ শ্ৰীমন্ত শঙ্কৰদেৱ সত্ৰ, তিনিগঞা গোপাল মন্দিৰ, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৰঙিয়াৰ প্ৰাথমিক শাখাৰ উপৰিও বাৰাংহাটী গোপাল নামঘৰৰ উপৰি বকুলতল গোপাল থান আদি বহুতো ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত হৈ আছিল। 

উল্লেখযোগ্য যে, তেখেতে চাকৰি জীৱনৰ পৰা অৱসৰকালৰ মৃত্যুৰ শেষ মূহুৰ্তলৈ বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ লগতে কোচ ৰাজবংশী চিলাৰায়ৰ ভৱন তথা গোপাল থান আদিত বহুতো অনুদান আগবঢ়াই সহায় সহযোগিতা আগবঢ়াইছিল। তেখেতৰ দেহাৱসানৰ খবৰত বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় লোকে গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নীৰ সৈতে জ্যেষ্ঠ পুত্ৰ ডাঃ ৰামকৃষ্ণ পদ তালুকদাৰ আৰু জ্যেষ্ঠ সাংবাদিক নয়নজ্যোতি তালুকদাৰৰ লগতে এগৰাকী কন্যা ইহ সংসাৰত এৰি থৈ যায়। 

ৰঙিয়া