ক’ভিডৰ নোজেল ভেকচিনলৈ কেন্দ্ৰ্ৰীয় চৰকাৰৰ অনুমতি

ক’ভিডৰ ভেকচিন ল’ব বিচৰাসকলৰ বাবে জৰুৰী খবৰ। এইবাৰ ক’ভিডৰ ভেকচিন ল’ব লাগিব নাকেৰে। এই ক্ষেত্ৰত ইতিমধ্যে অনুমতি প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে।

author-image
Asomiya Pratidin
New Update
ক’ভিডৰ নোজেল ভেকচিনলৈ কেন্দ্ৰ্ৰীয় চৰকাৰৰ অনুমতি

ডিজিটেল ডেস্ক : ক’ভিডৰ ভেকচিন ল’ব বিচৰাসকলৰ বাবে জৰুৰী খবৰ। এইবাৰ ক’ভিডৰ ভেকচিন ল’ব লাগিব নাকেৰে। এই ক্ষেত্ৰত ইতিমধ্যে অনুমতি প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। দেশৰ ব্যক্তিগত খণ্ডৰ হাস্পতালত এই বুষ্টাৰ ডোজ গ্ৰহণ কৰিব পাৰিব দেশৰ জনসাধাৰণে। এই বুষ্টাৰ ডোজক পূৰ্বে BBV154 হিচাপে জনা গৈছিল যদিও এতিয়াৰেপৰা ইয়াক জনা যাব iNCOVACC হিচাপে। ১৮ বছৰৰ ওপৰৰ ব্যক্তিসকলে এই নোজেল ভেকচিন গ্ৰহণ কৰিব পাৰিব। উল্লেখ্য যে এই ভেকচিনটো প্ৰস্তুত কৰি উলিয়াইছে ভাৰত বায়’টেক আৰু আমেৰিকাৰ ৱাশ্বিংটন ইউনিভাৰ্চিটীয়ে।

Advertisment

উল্লেখ্য যে বিশ্বত পুনৰবাৰ গা কৰি উঠা ক’ভিডৰ আতংকৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এই ভেকচিনৰ বাবে অনুমতি প্ৰদান কৰিছে। প্ৰথমাৱস্থাত এই ভেকচিন দেশৰ ব্যক্তিগত খণ্ডৰ হাস্পতালত গ্ৰহণ কৰিব পাৰিব। উল্লেখ্য যে এই iNCOVACC ভেকচিনক ভাৰত চৰকাৰে ইতিমধ্যে ক’ভিড-১৯ ভেকচিনেচন প্ৰ’গ্ৰামৰ অন্তৰ্ভুক্ত কৰিছে।

আৰু পঢ়ক : চাপৰৰ টিলাপাৰাত বিধ্বংসী অগ্নিকাণ্ড

union ministry covid