/asomiyapratidin/media/media_files/2025/06/01/7YHAz2pwEcpZ1MtYH3kx.jpg)
উদণ্ড কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী সাংবাদিক সংগঠনৰ
ডিজিটেল সংবাদ, গুৱাহাটী: সাংসদ গৌৰৱ গগৈ অসমৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পাছত গৃহ চহৰ যোৰহাটলৈ শনিবাৰে যাওঁতে একাংশ কংগ্ৰেছী সমৰ্থকে মহিলা সাংবাদিকক অপদস্থ কৰাৰ দৰে অপ্ৰীতিকৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু ইয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ অব্যাহত আছে। সাংসদগৰাকীয়ে শনিবাৰে যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰত উপস্থিত হোৱা পাছত কংগ্ৰেছৰ কৰ্মী সমৰ্থকে আদৰণি জনায়। এই বাতৰি সংগ্ৰহৰ বাবে যোৱা এটি ব্যক্তিগত টেলিভিচনৰ যোৰহাটৰ মহিলা সাংবাদিকক শাৰীৰিকভাৱে অপদস্থ কৰি কাপোৰ ফলা, টনা-আজোৰা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। সাংবাদিক নিগ্ৰহৰ এই ঘটনাক অসমীয়া মহিলা মঞ্চ, গুৱাহাটী প্ৰেছ ক্লাৱ, জাৰ্ণালিষ্ট এছ'চিয়েশ্যন ফৰ আছাম (জাফা)কে ধৰি যথেষ্টসংখ্যকে গৰিহণা দিছে।
অসমীয়া মহিলা মঞ্চৰ কেন্দ্ৰীয় সম্পাদিকা ৰাণু তামুলীয়ে এই ঘটনাৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰি কয়-- শনিবাৰে যোৰহাটত নৱনিযুক্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক আদৰাৰ নামত উদণ্ড কংগ্ৰেছ কৰ্মীয়ে বাতৰি সংগ্ৰহৰ বাবে যোৱা মহিলা সাংবাদিকক প্ৰহাৰ কৰি, গতিয়াই আহত কৰা ঘটনাটো লজ্জাজনক। যিসকল কংগ্ৰেছ কৰ্মীৰ প্ৰহাৰত সাংবাদিকগৰাকী আহত হৈছিল, সেইসকলক শীঘ্ৰে চিনাক্ত কৰি অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰিবলৈ অসমীয়া মহিলা মঞ্চই দাবী জনাইছে।
আনহাতে, এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গুৱাহাটী প্ৰেছ ক্লাৱে। গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামী আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে এক বিবৃতিযোগে কয় যে-- ৰাজ্যিক কংগ্ৰেছৰ সভাপতি হিচাপে গৌৰৱ গগৈয়ে যোৰহাটত উপস্থিত হোৱাৰ সময়ত কংগ্ৰেছ কৰ্মীৰ মাজত হোৱা হেঁচা-ঠেলাত মহিলা সাংবাদিক আহত হোৱাৰ লগতে তেওঁৰ কাপোৰ পৰ্যন্ত ফালি যোৱা বুলি বাতৰিত প্ৰকাশ হৈছে। এই ঘটনাক গুৱাহাটী প্ৰেছ ক্লাবে গৰিহণা দিছে।' আনহাতে, সাংবাদিকৰ নিৰাপত্তা দিব নোৱৰা কংগ্ৰেছ দলটোক গুৱাহাটী প্ৰেছ ক্লাৱে কঠোৰভাৱে সকীয়নি দি কয় যে, ভৱিষ্যতে দলৰ কাৰ্যসূচীৰ বাতৰি কৰিবলৈ গৈ যাতে সাংবাদিক অপদস্থ হ’বলগীয়া নহয়, তাৰ ব্যৱস্থা কৰিব লাগে আৰু শনিবাৰৰ ঘটনাৰ দোষীৰ ওপৰত কঠোৰ ব্যৱস্থা ল’ব লাগে।
ইয়াৰোপৰি, জাফাৰ সভাপতি অভিদ্বীপ চৌধৰী, কাৰ্যকৰী সভাপতি পংকজ ডেকা, সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে এক বিবৃতিযোগে উক্ত ঘটনাত জড়িত কংগ্ৰেছ কৰ্মীসকলক অতিশীঘ্ৰে মহিলা সাংবাদিকগৰাকীৰ ওচৰত লিখিতযোগে ক্ষমা বিচাৰিবলৈ দাবী জনায়। অন্যথা ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ লগতে কংগ্ৰেছ দলৰ বাতৰি পৰিৱেশনৰ পৰা বিৰত থাকিব বুলি সকীয়াই দিয়ে।