নেৰেনেপেৰা বৰষুণৰ বাবে বন্ধ ঘোষণা জিলা প্ৰশাসনৰ

কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাত নেৰেনেপেৰা বৰষুণৰ ফলত ব্যাহত হৈ পৰিছে সাধাৰণ জীৱন যাত্ৰা। ইয়াৰ পৰিপ্রেক্ষিতত, অহা ২ আৰু ৩ জুনত জিলা কেইখনৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে।

author-image
Asomiya Pratidin
New Update
২ আৰু ৩ জুনত বন্ধ থাকিব বৰাক উপত্যকাৰ সকলো শিক্ষানুষ্ঠান

২ আৰু ৩ জুনত বন্ধ থাকিব বৰাক উপত্যকাৰ সকলো শিক্ষানুষ্ঠান

ডিজিটেল সংবাদ, শিলচৰ: কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাত নেৰেনেপেৰা বৰষুণৰ ফলত ব্যাহত হৈ পৰিছে সাধাৰণ জীৱন যাত্ৰা। ইয়াৰ পৰিপ্রেক্ষিতত, অহা ২ আৰু ৩ জুনত জিলা কেইখনৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে। ইফালে বতৰ বিজ্ঞান বিভাগৰ সতর্কবার্তা অনুযায়ী, বৰাক উপত্যকাত অহা কেইবাদিনো ধৰি প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। 

Advertisment

আনহাতে, শিলচৰ–কুম্ভীৰগ্রাম বিমান বন্দৰ সংযোগী ভি আই পি পথৰে বাহন চলাচল বন্ধ কৰি দিয়া হৈছে। মধুৰা নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে সমগ্ৰ পথছোৱা। পথটোক একাধিক ঠাইত এক আঁঠু পৰ্যন্ত পানী হৈছে। ডিমা হাছাওত ধাৰাষাৰ বৰষুণৰ ফলত বৃদ্ধি পাইছে মধুৰা নৈৰ পানী।

বৰাক উপত্যকা বৰাক