জামুগুৰিহাটৰ চমাৰ দলনিত স্বাধীনতা সংগ্ৰামী তাৰানাথ শৰ্মা জয়ন্তী উদযাপন...

জামুগুৰিহাটৰ চমাৰ দলনিত স্বাধীনতা সংগ্ৰামী তাৰানাথ শৰ্মা জয়ন্তী উদযাপন...

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ চমাৰ দলনিত স্বাধীনতা সংগ্ৰামী তাৰানাথ শৰ্মা জয়ন্তী উদযাপন...

জামুগুৰিহাটৰ চমাৰ দলনিত স্বাধীনতা সংগ্ৰামী তাৰানাথ শৰ্মা জয়ন্তী উদযাপন...

ডিজিটেল সংবাদ জামুগুৰিহাটঃ জামুগুৰিহাটৰ চমাৰ দলনিত আজি প্ৰবীণ গান্ধীবাদী নেতা, স্বাধীনতা সংগ্ৰামী, সমাজ সংগঠক,বিশিষ্ট সমাজকৰ্মী তাৰানাথ শৰ্মাৰ ১০৬ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয়৷ তাৰানাথ শৰ্মা স্মৃতি পুথিভঁৰাল কমিটিৰ উদ্যোগত দক্ষিণ নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত আনুষ্ঠানৰ পুৱা পতাকা উত্তোলন কৰে পুথিভঁৰালৰ উপ-সভাপতি হেম সাগৰ শৰ্মাই।

Advertisment

স্বৰ্গীয় তাৰানাথ শৰ্মাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰে বৰ্ষীয়ান সমাজকৰ্মী হেমলাল শৰ্মাই। দক্ষিণ নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চন্দ্ৰ কান্ত শৰ্মাই আনুষ্ঠানিকভাবে সভা উদ্ধোধন কৰা সভাৰ নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি সাহিত্য অকাডেমীৰ অনুবাদ পুৰস্কাৰ প্ৰাপক নাট্যকাৰ পূৰ্ণ কুমাৰ শৰ্মাই প্ৰয়াত তাৰানাথ শৰ্মাৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত এক মনোজ্ঞ বক্তৃতা প্ৰদান কৰে।

Also Read: ঢোল, পেঁপা, গগনাৰ মাতত মুখৰিত কলকাতা অসম ভৱন...

তাৰানাথ শৰ্মা