তেজপুৰত বিদ্যালয়ৰ সন্মুখৰ পৰাই নিৰুদ্দেশ দুই ছাত্ৰ...

মঙলবাৰে তেজপুৰৰ এক শিক্ষানুষ্ঠানৰ সন্মুখৰ পৰা দুজনকৈ ছাত্ৰ নিৰুদ্দেশ হোৱাৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। পুৱাই সন্ধানহীন হোৱা ছাত্ৰ দুজনৰ এই পৰ্যন্ত নাই কোনো সন্ধান।

author-image
Tushar Pratim
New Update
তেজপুৰত বিদ্যালয়ৰ সন্মুখৰ পৰাই নিৰুদ্দেশ দুই ছাত্ৰ...

ডিজিটেল সংবাদ তেজপুৰঃ  মঙলবাৰে তেজপুৰৰ এক শিক্ষানুষ্ঠানৰ সন্মুখৰ পৰা দুজনকৈ ছাত্ৰ নিৰুদ্দেশ হোৱাৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰা মতে তেজপুৰৰ বেবেজীয়াৰ জ্ঞান ভাৰতী একাডেমী নামৰ শিক্ষানুষ্ঠানখনৰ সন্মুখৰ পৰা দুগৰাকী ছাত্ৰ নিৰুদ্দেশ হৈছে। 

Advertisment

নিৰুদ্দিষ্ট ছাত্ৰ দুগৰাকী ক্ৰমে ট্ৰেনজিল ভিট্ৰকুট্টী আৰু যুৱৰাজ প্ৰতিম বৰুৱা। দুয়ো বিদ্যালয়খনৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত। দুই ছাত্ৰ নিৰুদ্দিষ্ট ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীক অৱগত কৰা হৈছে আৰু আৰক্ষীয়েও সন্ধান অব্যাহত ৰাখিছে। 

বিদ্যালয়খনৰ কাষৰীয়া বিভিন্ন জনৰ ঘৰত থকা চি চি কেমেৰাত ছাত্ৰ দুজনে পথেৰে পাৰ হৈ যোৱাৰ ভিডিঅ' লাভ কৰিছে যদিও দুয়োকে এই পৰ্যন্ত উদ্ধাৰ কৰিব পৰা নাই। পুৱাই নিৰুদ্দেশ হোৱা দুই ছাত্ৰক লৈ চিন্তিত হৈ পৰিছে অভিভাৱক তথা বিদ্যালয় কৰ্তৃপক্ষও। 

তেজপুৰ