সুৰামত্ত স্বামীৰ হাতত বালিপৰাত পুনৰ প্ৰাণ হেৰুৱালে মহিলাই...

মাত্ৰ কিছুদিন পূৰ্বে বালিপৰাত এগৰাকী ব্যক্তিয়ে সুৰাৰ ৰাগিত সামান্য কথাতে পত্নীক মৰিয়াই হত্যা কৰাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই জিলাখনৰ বৰঘুলিত পুনৰ সংঘটিত হয় অনুৰূপ এক ঘটনা।

author-image
Tushar Pratim
New Update
সুৰামত্ত স্বামীৰ হাতত বালিপৰাত পুনৰ প্ৰাণ হেৰুৱালে মহিলাই...

ডিজিটেল সংবাদ জামুগুৰিহাটঃ  শোণিতপুৰ জিলাত পুনৰ সংঘটিত হৈছে এক জঘণ্য হত্যাকাণ্ড। মাত্ৰ কিছুদিন পূৰ্বে বালিপৰাত এগৰাকী ব্যক্তিয়ে সুৰাৰ ৰাগিত সামান্য কথাতে পত্নীক মৰিয়াই হত্যা কৰাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই জিলাখনৰ বৰঘুলিত পুনৰ সংঘটিত হয় অনুৰূপ এক ঘটনা।

Advertisment

সুৰামত্ত স্বামীয়ে ঘৰুৱা কাজিয়াৰ মাজতেই কাঠেৰে মৰিয়াই মাৰিলে নিজৰ পত্নীক। জানিব পৰা মতে বৰঘুলিৰ সুখায়েৰ তপ্ন নামৰ ব্যক্তিগৰাকীয়ে সুৰাৰ ৰাগিত পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল।

সেই কাজিয়াৰ মাজতেই এদাল কাঠেৰে পত্নী জুলি তপ্নৰ মূৰত উপৰ্যুপৰি প্ৰহাৰ কৰাত তেওঁৰ মত্যু হয়। এই ঘটনাৰ পিছতেই শালনীবাৰী আৰক্ষীয়ে পত্নী হত্যাকাৰী সুখায়েৰ তপ্নক আটক কৰিছে আৰু ঘটনা সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে।

তাৰোপৰি ঘটনাস্থলিত উপস্থিত হৈ দণ্ডাধীশসহ শালনীবাৰী আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ইতমধ্যে নিহত জুলি তপ্নৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। কিন্তু এটা সপ্তাহৰ ভিতৰতে বালিপৰাৰ কাষৰীয়া এই দুই স্থানত সুৰাৰ ৰাগিত দুজনকৈ ব্যক্তিয়ে সংঘটিত কৰা এনে হত্যাকাণ্ডই ব্যাপক চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  

বালিপৰা